Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উন্নয়নৰ দৌৰঃ এদিনতে ১৩টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন

গণ বাৰ্তা ,চেঙা ,১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ যুৱ বিধায়ক হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাৰে নিৰ্বাচিত জাকিৰ ...


গণ বাৰ্তা ,চেঙা ,১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ যুৱ বিধায়ক হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাৰে নিৰ্বাচিত জাকিৰ হুছেইন শিকদাৰে কালিৰ দিনটেতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ১৩ টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৷  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে তেওঁৰ কাৰ্যকালৰ ভিতৰত কৰিবলগীয়া অগ্ৰাধিকাৰ ভিত্তিত কাম সমূহৰ ভিতৰত বাকী থকা একাংশ আঁচনিৰ কামৰ  আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে কালি গুৱাহাটীৰ পৰা আহি সমষ্টিত উপস্থিত হোৱাৰ পিচতেই বহুসংখ্যক দলীয় নেতা-কৰ্মীৰ সৈতে এটা মটৰ চাইকেল সমদল উলিয়াই সমষ্টিটোৰ চুকে-কোণে আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে সমষ্টিটোৰ পূব অংশৰ কুকাৰপাৰত উপস্থিত হৈ কুকাৰপাৰ বজাৰৰ ওচৰত এক কেটি টকা ব্যয় সাপেক্ষে এটা পৰিদৰ্শন বাংলাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৷ বৰপেটাৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা ভৰত চন্দ্ৰ দাস, কাৰ্যবাহী অভিযন্তা পৰেশ হালৈ আৰু সহকাৰী অভিযন্তা কৌশিক শৰ্মাৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগৰ মঞ্জুৰীপ্ৰাপ্ত ১ কোটি টকা ব্যয় সাপেক্ষ বাংলোটোৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়কগৰাকীয়ে ইয়াৰ পূৰ্বে ক্ষুদ্ৰ বামুণবড়ীৰ গাঁৱলীয়া পথটোৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চতলা-মূলাঘাটা পথত কাঠৰ দলং নিৰ্মাণ, মূলাঘাটা গাঁৱলীয়া পথ নিৰ্মাণ, ক্ষুদ্ৰ বামুণবড়ী -মূলাঘাটা পথৰ নিৰ্মাণ, চতলা হাইস্কুলৰ মুখ্য তোৰণৰ আধাৰশিলা, পূব চতলা গাঁৱলীয়া পথ নিৰ্মাণ, ১৬৩২ নং ফকিৰামাৰ প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ, চেংদি -দৌলাশাল পথ পকীকৰণ, গাদেশালী পাম প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ, মাজদিয়া  পশ্চিম পাৰা প্ৰাথমিক বিদ্যালয়ত বিধায়ক উন্নয়ন পুঁজিৰ কাম,  মাজদিয়া গাওঁ উন্নয়ন সমিতিৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে বায়তুল উলাম আঞ্চলিক মাদ্ৰাছাৰ পকী দেৱাল নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে ৷ সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে আজি সমষ্টিটোৰ মুঠ ১৮ টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও সময়ৰ নাটনিৰ বাবে আজি ৫ টা কামৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিলে ৷ বিশেষকৈ কুকাৰপাৰ বজাৰত পৰিদৰ্শন বাংলোৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত , বিগত ৫ বছৰত সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ যিদৰে এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে তেনেকুৱা উন্নয়ন কেতিয়াও কোনে বিধায়কৰ কাৰ্যকালতে কৰিবলৈ সক্ষম হোৱা নাই বুলিও তেওঁ দাবী কৰে ৷ বিৰোধী দলৰ বিধায়ক হিচাপে সমষ্টিৰ উন্নয়নৰ সমান্তৰালভাৱে ৰাজ্যখনৰ সকলো জ্বলন্ত সমস্যাক লৈ বিগত পাঁচ বছৰীয়া কাৰ্যকালত সদনৰ ভিতৰে- বাহিৰে সদায় সৰব ভূমিকা পালন কৰি অহা বুলি মন্তব্য কৰি সৰুক্ষেত্ৰীৰ ৰাইজে বিগত নিৰ্বাচনত তেওঁক বিজয়ী কৰি ৰাইজৰ সেৱাৰ বাবে তেওঁক যি সুযোগ দিলে তাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনতো ৰাইজৰ আশীৰ্বাদ কামনা কৰে ৷ ইপিনে এআইইউডিএফে সৰুক্ষেত্ৰী সমষ্টিটো দাবী কৰি অহা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাকিৰ হুছেইন শিকদাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা মন্তব্য অনুসৰি তেওঁৰ হাইকমাণ্ড কংগ্ৰেছ দল আৰু দলে যি সিদ্ধান্ত লয় সেয়া তেওঁ মানি ল'ব বুলি মন্তব্য কৰে ৷ মুঠতে যিমানেই প্ৰত্যাহ্বান নাহক কিয় দলৰ নিৰ্দেশ মানি সকলো দায়িত্ব পালন কৰি যােৱাৰ আৰু নিৰ্বাচনত ৰাইজৰ সহযোগত পুনৰ বিজয়ী হোৱাৰ অংগীকাৰ কৰে জাকিৰ হুছেইন শিকদাৰে ৷ তাৰোপৰি তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে কোনো ইছ্যু নাপাই তেওঁ বিজেপিত যোগদান কৰিব বুলি অপপ্ৰচাৰ চলাই থকা বুলিও তেওঁ মন্তব্য কৰে ৷  আনকি সৰুক্ষেত্ৰীত হোৱা উন্নয়নৰ বাবেই সমষ্টিৰ ৰাইজে ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ বিধায়ক হিচাপে তেওঁক পুনৰ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াব বুলিও আশা প্ৰকাশ কৰে ৷

No comments