Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তামুলপুৰত ছয়দিনীয়া বিনামূলীয়া যোগ শিৱিৰ আৰম্ভ

আৰিফ আহমেদ, তামুলপুৰ,৯ ফেব্ৰুৱাৰীঃ  তামুলপুৰ যোগ কেন্দ্ৰৰ উদ্যোগত তামুলপুৰ বাৰদৈছিখলা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে বিনা...


আৰিফ আহমেদ, তামুলপুৰ,৯ ফেব্ৰুৱাৰীঃ তামুলপুৰ যোগ কেন্দ্ৰৰ উদ্যোগত তামুলপুৰ বাৰদৈছিখলা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে বিনামূলীয়া যোগ সজাগতা শিৱিৰ। আজিৰে পৰা চৈধ্য ফেব্ৰুৱাৰী লৈ সম্পূৰ্ণ ছয়দিনীয়া বিনামূলীয়া এই যোগ সজাগতা শিৱিৰটো আজি পুৱা ৫ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে বিটিআৰৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই। ইয়াৰ পিছত যোগ সজাগতা শিৱিৰটো উদ্বোধন কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৱেন বড়োই। তাৰ পিছতে যোগ-প্ৰাণায়াম ,আসনৰ অনুশীলন আৰম্ভ কৰা হয়। প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকা আৰু প্ৰাণেশ্বৰ নাৰ্জাৰীয়ে। বিয়লি ৩:৩০ৰ পৰা ৫:৩০ লৈ যোগ অনুশীলন আৰু আয়ুৰ্বেদ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে কামৰূপৰ যোগ প্ৰশিক্ষক ভাস্কৰ দ্বীপ কাশ্যপ আৰু হৰি প্ৰসাদ শৰ্মাই। এই যোগ সজাগতা শিৱিৰৰ শেষৰদিনা চৈধ্য ফেব্ৰুৱাৰীৰ সামৰণি সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰাৰ কথা।

No comments