Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিয়ে ৰামৰ নামত গৰু ছিণ্ডিকেট চলাই আছে - লুৰিনজ্যোতি গগৈ

গনবাৰ্তা বকো, ১৮ ফেব্ৰুৱাৰী:  আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে সকলোবোৰ ৰাজনৈতিক দলৰ সকলো পৰ্যায়ৰ নেতা কৰ্মী সকলে ।  এনে...


গনবাৰ্তা বকো, ১৮ ফেব্ৰুৱাৰী:  আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে সকলোবোৰ ৰাজনৈতিক দলৰ সকলো পৰ্যায়ৰ নেতা কৰ্মী সকলে ।  এনে অৱস্থাত ৰাজ্যৰ নৱ গঠিত  আঞ্চলিক ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদে' আজি কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া ৰামসৰস্বতী খেল পথাৰত অনুষ্ঠিত কৰে এখনি বিশাল জাতীয় জাগৰণ সমাবেশ । অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ মুখ্য আহ্বায়ক তথা অন্যতম টিকট প্ৰত্যাশী দীপজ্যোতি দাসৰ তৎপৰতাত অনুষ্ঠিত হোৱা সমাৱেশত সভাপতিত্ব কৰে পৰিষদৰ যুটীয়া সম্পাদক তথা কামৰূপ জিলাৰ পৰ্যবেক্ষক প্ৰিন্স ফাইজুল হকে ৷ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব দেৱজিৎ অধিকাৰীয়ে আধ ধৰা সমাবেশত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে সংঘটিত কৰি অহা সৰ্বস্তৰৰ দুৰ্নীতিৰ লগতে একাংশ বিভাগত চলা চিণ্ডিকেটৰাজৰ বিস্তৃত আলোকপাত কৰে । ভাষণ প্ৰসংগত কয় - জাতি - মাটিৰ সুৰক্ষাৰ কথা কৈ অহা বিজেপিয়ে এতিয়া ৰামৰ নামত গৰু ছিণ্ডিকেট, ছুপাৰী ছিণ্ডিকেট, কয়লাৰ ছিণ্ডিকেট আদি চলাই আহিছে ৷ এই চিণ্ডিকেটৰ ধন মূৃুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দুই নম্বৰী হৈ এক নম্বৰী চোলা পৰিধান কৰা জনলৈ যায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰীণজ্যোতিয়ে ৷ চৰকাৰে বিনামুলীয়াকৈ চাউল দি সকলো বস্তুৰ দাম বৃদ্ধি কৰি ৰাইজক জুৰুলা কৰি পেলোৱা বুলি গগৈয়ে উল্লেখ কৰি বিজেপিক পুণৰ ভোট দিলে ৰাইজে কেৱল হিন্দু -মুছলমান নামৰ দুটি শব্দ আৰু বিধ্বস্থ অৰ্থনীতিৰ এখন ভাৰতবৰ্ষ পাব বুলি কয় ৷ তেওঁ আৰু কয়-  ২১ত জাতীয় পৰিষদৰ নেতৃত্বত জাতীয়তাবাদৰ চৰকাৰ  হ'ব আৰু সেই চৰকাৰে বিনামূলীয়া চাউলৰ পৰিৱৰ্তে অসমৰ যুৱকক মৰ্যাদাসহকাৰে জীয়াই থকাৰ পৰিৱেশৰ লগতে  সৃষ্টি কৰা হ'ব কৰ্মমূখী সংস্কৃতিৰ ৷ এক উৎসৱমূখৰ পৰিৱেশত সমাৱেশলৈ আদৰি অনা লুৰীণজ্যোতি গগৈয়ে কা আন্দোলনত শ্বহীত হোৱা জাতীয় নায়ক পাঁচ গৰাকীক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে ৷ ইফালে উক্ত সমাৱেশতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুল কৰিম আজাদে আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ সমাৱেশখনত উপস্থিত থাকি  জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগধীশ ভূঞা, কেন্দ্ৰীয় উপ সভাপতি দুলু আহমেদ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দেৱজিৎ গোস্বামী, যুৱ শক্তিৰ কেন্দীয় আহ্বায়ক মিৰাজুল ইচলাম, ৰাজ্যিক যুৱ শক্তিৰ সাংগঠনিক সম্পাদক ছাইফুল ইছলাম প্ৰমূখ্যে নেতৃবৃন্দ উপস্থিত থাকি মূল্যৱান বক্তব্য দাঙি ধৰে ৷

No comments