Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহান মোৱামৰিয়া মহাবিদ্ৰোহৰ শ্বহীদৰ মৈদাম আৱিস্কাৰ! চিয়াঁহিৰে লেখা অসত্য অতিক্ৰমি অচিৰেই ভাস্বৰ হ'ব তেজে লিখা অমোঘ সত্য; মেহনতি মানুহৰ নতুন ইতিহাস!-- ড০ দেৱব্ৰত শৰ্মা

  গণ বাৰ্তা, চাবুৱা, ২৮ ফ্ৰেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ তিতাবৰ বগাৰগাঁও থানত জাতীয় ইতিহাস আৰু সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত, যোৰহাট ক...

 


গণ বাৰ্তা, চাবুৱা, ২৮ ফ্ৰেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ তিতাবৰ বগাৰগাঁও থানত জাতীয় ইতিহাস আৰু সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উদ্যোগত, যোৰহাট কলেজ আৰু যোৰহাট জাতীয় বিদ্যালয়ৰ সহযোগত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। তদানীন্তন মোৱামৰীয়া বিদ্ৰোহত ৰজাঘৰে আত্মজাহ যাবলৈ বাধ্য কৰোৱা কমেও ২০০ চহিদৰ মৈদাম কালি চিনাক্ত হোৱাৰ উপলক্ষত এই পঢ়া অনুষ্ঠিত হোৱা বুলি উদ্যোক্তাসকলে জনাইছে। সদৌ অসম মায়ামৰা সমাজৰ সভাপতি তথা প্ৰাধ্যাপক ড° লক্ষ্মীকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই তদানীন্তন আহোম সামন্ততন্ত্ৰৰ আৰ্থিক শোষনৰ উপৰিও ব্ৰাহ্মন্যবাদী, জাতপাত আৰু শাক্ত ধৰ্মীয় দমনৰ বিৰুদ্ধে মোৱামৰীয়া গন বিদ্ৰোহক এক ত্ৰিমাত্ৰিক গন অভ্যুথ্‌থান আখ্যা দিয়াৰ লগতে ইয়াৰ প্ৰতিগৰাকী শ্বহীদক সন্মান প্ৰদানত গুৰুত্ব দিয়াৰ দাবী তোলে। জাতীয় ইতিহাসৰ ইমতিয়াজ হুছেইন, মায়ামৰা সমাজৰ সাধাৰণ সম্পাদক তথা চহিদ নিত্যানন্দ থানৰ সম্পাদক বুদ্ধেশ্বৰ চুতীয়া, যোৰহাট মহাবিদ্যালয়ৰ এ ভি পি উৎপল দত্ত, গৱেষণা কোষৰ ড০ দিগন্ত ফুকন, ড০ গীতাৰ্থ গোস্বামী, ড০ জগজ্যোতি বৰুৱা, যোৰহাট জাতীয় বিদ্যালয়ৰ সভাপতি পুলিশ ফুকন, অধ্যক্ষা শান্তনা শৰ্মা, প্ৰধানত্ৰয় গীতাঞ্জলি দত্ত, অম্ৰিতা নেওগ, লোণা টায়ে হাতীবৰুৱা, জে বি কলেজৰ ইতিহাসৰ অধ্যাপক ড০ ইন্দ্ৰেশ্বৰ দাস, গোলাঘাট পুৰ্বাঞ্চল মহাবিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক প্ৰাঞ্জল শইকীয়া, স্থানীয় বিশিষ্ট ব্যক্তি প্ৰাক্তন অধ্যক্ষ নৰেন বৰা, মুহিকান্ত বৰুৱা, বগাৰগাঁও থানৰ সম্পাদক মৃদুল দাস, বৰভেটি থানৰ সম্পাদক থানু দাস, সদৌ অসম অনুসুচিত জাতি পৰিষদৰ সম্পাদক দিপাঙ্কাৰ হাজৰিকা, সাংবাদিক বিমান শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।সভাই মহান মোৱামৰীয়া মহাবিদ্ৰোহৰ এই সমুহীয়া চহিদসকলৰ স্মৃতিত এক বহল সোঁৱৰণ, এটা চহিদ স্তম্ভ, এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ পাছত প্ৰাধ্যাপক ড° লক্ষ্মীকান্ত হাজৰিকাৰ নেতৃত্বত আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ অধ্যাপক অম্ল সোণোৱালৰ সহযোগত এটা সঁজাতী দলে যোৰহাট বৰহোলাৰ চেৰেলি ন পামত অলপতে চিনাক্ত কৰা জাবৰ শইকীয়াকে ধৰি ১২০ জন মোৱামৰীয়া বিদ্ৰোহীৰ মৈদাম পৰিদৰ্শন কৰে। এই মৈদাম আৱিষ্কাৰ সম্পৰ্কত লেখক, গৱেষক তথা যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই দাবী কৰি কয় যে- বৰহোলা আৰু তিতাবৰৰ ১২০+২০০=৩২০ বিদ্ৰোহীৰ দুটাকৈ মৈদাম আৱিস্কাৰে মোৱামৰীয়া বিদ্ৰোহৰ চৰ্চাক এক নতুন মাত্ৰা দিলে। ৮,০০,০০০ জৰৌৰৌৱা ৰাইজৰ চহিদৰ সমদল আহি আচে। চিয়াঁহিৰে লেখা অসত্য অতিক্ৰমি অচিৰেই ভাস্বৰ হ'ব তেজে লিখা অমোঘ সত্য!মেহনতি মানুহৰ নতুন ইতিহাস!

No comments