Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডেনগাঁৱৰ নুৰাক আক্লামৰ বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব' আখ্যা বিৰোধী দল এনপিপিৰ

গণবাৰ্তা বিশেষ,ডিফু, ২৬ ফেব্ৰুৱাৰীঃ যোৱা ২৫ ফেব্ৰুৱাৰীত কাৰবি আংলং জিলাৰ ডেনগাঁৱৰ নুৰীক আক্লামত বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব আখ্যা দিয়ে জিলা...


গণবাৰ্তা বিশেষ,ডিফু, ২৬ ফেব্ৰুৱাৰীঃ
যোৱা ২৫ ফেব্ৰুৱাৰীত কাৰবি আংলং জিলাৰ ডেনগাঁৱৰ নুৰীক আক্লামত বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব আখ্যা দিয়ে জিলাখনৰ আত্ম প্ৰকাশ কৰা এনপিপি দলৰ পাৰ্ত্য ইউনিটে ৷ আজি ডিফু-মাঞ্জা পথৰ এনপিপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এনেদৰে মন্তব্য কৰে এনপিপিৰ নেতৃত্বই ৷ সংবাদ মেলত এনপিপি দলৰ মুখপাত্ৰ ওৱেলকাম টেৰণে কয়যে ২ লাখ ৫০ হাজাৰ সমৰ্থকৰ লক্ষ্যলৈ সমাৱেশ আয়োজন কৰাৰ পিছত প্ৰায় ৫০ হাজাৰ সমৰ্থক সমৱেত হোৱা বিষয়টোৱে জিলাবাসীয়ে বিজেপিক প্ৰত্যাখান কৰা বুলি কয় ৷ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কেএনএলএফৰ মাজত শান্তিচুক্তি হব বুলি বিজেপি জনসাধাৰণক মিছাকৈ কৈ সমাৱেশ সফল কৰাৰ চেষ্টা কৰিছিল বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ প্ৰস্তাৱিত শান্তি চুক্তি নিৰ্বাচন কেন্দ্ৰিক নেকি বুলি বৰ্তমানৰ ডাঙৰ প্ৰশ্ন কৰে বিবৃতিটোত যদিহে দুয়োখন চৰকাৰ ২৪৪(ক) ৰূপায়ণৰলৈ উদ্বিগ্ন তেন্তে যোৱা ৭ বছৰে বিষয়টোকলৈ কিয় মৌনতা অৱলম্বন কৰিছিল ৷ অসম চৰকাৰে সদায় দুমুখীয়া নীতি গ্ৰহণ কৰি এটা বিষয়কলৈ প্ৰতিশ্ৰুতি সিটো লুকুৱাই আন কামহে কৰে ৷ এএছডিচি, কেএছএ আৰু ভাৰত চৰকাৰৰ মাজত সম্পন্ন হোৱা বুজাবুজি চুক্তিৰ  ২৬ বছৰ অতিবাহিত হোৱাৰ পিছতো চুক্তি সম্পূৰ্ণ ৰূপত ৰূপায়িত নহ'ল ৷ ২০১১ চনত ইউপিডিএছ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ বুজাবুজি চুক্তি কেৱল এটুকুৰা কাগজহৈয়ে থাকিল ৷ গৃহমন্ত্ৰী অমিত শ্বাহে জিলাবাসীক অসম চৰকাৰৰ জৰিয়তে বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ কৰে এনপিপিৰ নেতা গৰাকীয়ে ৷ ডাঃ হিমন্ত বিশ্ব শৰ্মাই মিঠা মিঠা কথাৰে কাৰবি আংলঙৰ ৰাজনীতিক পৰিচালনা কৰিছে ৷ মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই জনসভাত কোৱা ধৰণে কিয় এছআই ইউক ব্ৰক্ষ্মপুত্ৰত নিক্ষেপ নকৰিলে বুলি মন্তব্য কৰে ৷ জিলাখনৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক) ৰূপায়াণৰ সৎ সমাধানৰ বাবে এনপিপি সদায় থিয় দিব বুলি বিবৃতিটোত প্ৰকাশ কৰে ৷ আজিৰ সংবাদমেলত এনপিপি হিলছ ইউনিটৰ উপসভাপতি ৰাজেন তিমুঙো উপস্থিত আছিল ৷

No comments