Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন; পাঁচখনকৈ গ্ৰন্থ উন্মোচন

গণ বাৰ্তা ,চেঙা ,১ ফেব্ৰুৱাৰীঃ অসমৰ অগ্ৰণী সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান কালি দিনজোৰা বিস্তৃত কাৰ...


গণ বাৰ্তা ,চেঙা ,১ ফেব্ৰুৱাৰীঃ অসমৰ অগ্ৰণী সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান কালি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে নলবাৰী জিলাৰ দৌলাশালত অনুষ্ঠিত হৈ যায়। দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত মুকলি সভা সঞ্চালনা কৰে বিৰিণা গোষ্ঠীৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত চলিত বৰ্ষৰ 'বিৰিণা সাহিত্য বঁটা' বিশিষ্ট লেখক-গৱেষক তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাক আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা বিশিষ্ট সাংবাদিক  ডিৱাই ৩৬৫ চেনেলৰ যুটীয়া সম্পাদক ড৹ কুমুদ দাসক প্ৰদান কৰা হয়। বঁটাসমূহ উদ্যোক্তাৰ হৈ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ড৹ দয়ানন্দ পাঠকে। বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে বিৰিণা গোষ্ঠীৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰি বঁটা-বাহনে বঁটা প্ৰাপকক অধিক গতিশীল কৰাত সহায়ক হয় আৰু ডেকা বয়সৰ লোকক বঁটা প্ৰদান কৰিলে তেওঁলোকে সমাজৰ প্ৰতি অধিক দায়বদ্ধ হয় বুলি মন্তব্য কৰে । মুকলি সভাতেই বিৰিণা গোষ্ঠী অসমৰ বাৰ্ষিক কাব্য আলোচনী "বৃন্তিকা"ৰ লগতে জিয়াউৰ ৰহমানৰ "ছৈ দিয়া গৰুগাড়ী" ,ৰমনী নাথৰ "একা-বেঁকা বাট" কাব্যগ্ৰন্থ, লক্ষীমপুৰৰ পৰা প্ৰকাশিত নাজলীনা আলম সম্পাদিত বহুভাষিক বাৰ্ষিক কাব্যালোচনী "নিয়ৰ" আৰু নকুল তালুকদাৰৰ "বিৰিণাৰ প্ৰজ্ঞা"কে ধৰি পাঁচখন গ্ৰন্থ  উন্মোচন কৰা হয় । মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে সাহিত্যৰ উপৰি কেইবাটাও দিশত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰি আৰ্থিকভাৱে দুৰ্বল লেখকসকলৰ লেখা সংগ্ৰহ কৰাৰ লগতে প্ৰকাশ কৰিবলৈও বিৰিণা গোষ্ঠীলৈ আহ্বান জনায় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা বিশিষ্ট কবি নিতুল খাটনিয়াৰ, বিশিষ্ট কবি বিনয় কুমাৰ মজুমদাৰ, লেখক ঈশ্বৰ চন্দ্ৰ শৰ্মা, অজিত ৰাজবংশীকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে । বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে সভাপতিৰ  অভিভাষণত গোষ্ঠীটোৰ লক্ষ্য-উদ্দেশ্য আৰু কাৰ্যপন্থা সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় । বিৰিণাৰ শীৰ্ষগীতেৰে আৰম্ভ হোৱা মুকলি সভাত যোৰহাটৰ পপী শইকীয়া, বাক্সাৰ অৰুন্ধতী দাস, নলবাৰীৰ ললিতা দাস, কুলদীপ পাঠক, চাহজাহান আলী, যতীন ৰয়, জেহেৰুল ইছলামকে আদি কৰি কুৰি গৰাকী নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰে । লক্ষীমপুৰৰ কবি চন্দ্ৰকান্ত বৰা , দীপ মহন্ত, গোলাঘাট সৰুপথাৰৰ ৰামচন্দ্ৰ ৰাজখোৱা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, বিৰিণাৰ উপদেষ্টা ৰবিউল হুছেইন, হিমাদ্ৰী হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। বোকাখাতৰ ৰত্নেশ্বৰ মৰাঙৰ বিৰিণা শীৰ্ষক গীতে অনুষ্ঠানটোক আনন্যমাত্ৰা প্ৰদান কৰে। ইয়াৰ পূৰ্বে পুৱা ৯ বজাত পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে । গছপুলি ৰোপণ কৰে ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি মৃত্যুঞ্জয় পাঠকে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ৰবেন বৈশ্যই আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্ৰবীণ সাংবাদিক পৰেশ বৈশ্যই । দিনৰ ১১ বজাত ৰাজ্যৰ কেইবাখনো জিলাৰ ডেৰশতাধিক প্ৰতিনিধি আৰু শুভাকাংক্ষীৰ উপস্থিতিত দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন ভৱনত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে গোষ্ঠীটোৰ উপদেষ্টা বৰপেটাৰ শিক্ষাব্ৰতী ৰোহিণী কুমাৰ দাসে । ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সম্পৰ্ক ৰাখি প্ৰতিনিধি সভাত ছয়গছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে গোষ্ঠীটোৰ লক্ষীমপুৰ জিলাৰ সমন্বয়ক কমৰুল হুছেইন, গোলাঘাট জিলাৰ সমন্বয়ক মুহি শইকীয়া, উপদেষ্টা বোকাখাতৰ ৰত্নেশ্বৰ মৰাং, উপ-সভাপতিদ্বয়  নগাঁও জিলাৰ হাচিনা মমতাজ , আৰু বৰপেটা জিলাৰ বসন্ত ঠাকুৰীয়াৰ লগতে জ্যেষ্ঠ সদস্য উমেদ আলী আহমেদে । বিৰিণাৰ সম্পাদক তফিকুৰ ৰহমানৰ লগতে  কোষাধ্যক্ষ বনজিৎ বৈশ্য আৰু জয়ন্ত ডেকাই আঁত ধৰা প্ৰতিনিধি সভাত ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সন্ধিয়া সাতবজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰে বৰক্ষেত্ৰীৰ সমাজকৰ্মী শান্তনু কলিতাই । বাবুল বণিক্য আৰু সুৰজিৎ পাঠকে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত বিৰিণাৰ শিল্পীবৃন্দই গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে দিব্যাংগ শিল্পী তৰা দাস আৰু জনপ্ৰিয় কণ্ঠশিল্পী পূবালী কাশ্যপে গীত পৰিৱেশন কৰে।    দিনত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । জিয়াউৰ ৰহমানে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত নিশা অসম সংগীতেৰে ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সামৰণি পৰে ।

No comments