Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দীপৰ বিলত ৰাজহুৱা সভাত পশ্চিম গুৱাহাটীত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

  গণবাৰ্তা, আজাৰা, ১৬ ফেব্ৰুৱাৰী :  অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত থকা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো আগন্তক নিৰ্বাচনত বি জে ...

 


গণবাৰ্তা, আজাৰা, ১৬ ফেব্ৰুৱাৰী : অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত থকা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো আগন্তক নিৰ্বাচনত বি জে পি দলক লাগিবই বুলি বি জে পি ৰ একাংশ নেতাই দাবী কৰি অহাৰ মাজতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সমষ্টিটোত অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিধায়ক হৈ আগন্তক দিনত ৰাইজৰ সেৱা আগবঢ়াব বুলি কৰা ঘোঘনাই বি জে পি দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ সকলৰ মাজত চেচাঁ পানী ঢলাৰ উপক্ৰম হৈছে । উল্লেখযোগ্য যে আজি দুপৰীয়া দীপৰ বিলৰ পাৰত পৰ্যটন বিভাগৰ উদ্যোগত ৰূপায়ণ হবলগীয়া এখন অভিলাষী আঁচনিৰ উদ্ধোধন কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , গুৱাহাটীৰ সাংসদ কুইন ওজা , বি জে পি নেতা ক্ৰমে অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা , অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা , উপাধ্যক্ষ নৱদ্বীপ কলিতা , জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা উপস্থিত আছিল । সভাত মুখ্যমন্ত্ৰী সোনোৱালে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত সময়চোৱাত দীপৰ বিলকে ধৰি সমষ্টিটোৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে । আনকি ভাষণত মুখ্যমন্ত্ৰী সোনোৱালে আগন্তক দিনত গুৱাহাটীৰ সাংসদ কুইন ওজাৰ সৈতে মিলি দীপৰ বিলৰ উন্নয়নকে  ধৰি সমষ্টিটোৰ সমস্যা  সমূহ সমাধানৰ বাট প্ৰশস্ত কৰে তাৰ বাবে ৰাজহুৱা বাবে আহ্বান জনায় । কাৰ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজহুৱাভাবে কুইন ওজা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক একেলগে উন্নয়ন মূলক কামকাজ সমূহ আগন্তক দিনতো কৰিবলৈ আহ্বান জনোৱা বিষয়টোৱে পশ্চিম গুৱাহাটীত অগপ-বি জে পি ৰ  টিকট কেন্দ্ৰীক জল্পনা কল্পনাৰ অৱসান ঘটোৱালে বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে । কিয়নো বিগত সময়চোৱাত বিজেপি নেত্ৰী তথা সাংসদ কুইন ওজাৰ উপৰি বিজয় গুপ্তা , মুকুতা ডেকায়ো দলীয় সভা সমিতিত আগন্তক নিৰ্বাচনত পশ্চিম গুৱাহাটী সমষ্টি বি জে পি ক লাগিবই বুলি দাবী কৰি আহিছিল। কিন্তু আজি মুখ্যমন্ত্ৰী সোনোৱালে আটাইকেইজনৰ উপস্থিতিতে ৰাজহুৱাভাবে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উচ্চ প্ৰশংসা কৰি আগন্তক দিনটো একেলগে কাম কৰিবলৈ দিয়া বিষয়টোৱে পশ্চিম গুৱাহাটীত   বি জে পি ৰ টিকটৰ দাবীদাৰ সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে 

No comments