Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চামগুৰিৰ আমলখীত অসম চাহ নিগমৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন; চাহ শ্ৰমিকৰ দৰমহা শীঘ্ৰ বৃদ্ধি কৰা হব: মন্ত্ৰী কেশৱ মহন্ত

গনবাৰ্তা চামগুৰি,১০ ফেব্ৰুৱাৰীঃ  নগাঁও জিলাৰ আমনিৰ আমলখী চাহ বাগিছা খেল পথাৰ প্ৰাংগণত    অসম চাহ নিগম পৰিসীমিত  ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অনু...


গনবাৰ্তা চামগুৰি,১০ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ আমনিৰ আমলখী চাহ বাগিছা খেল পথাৰ প্ৰাংগণত    অসম চাহ নিগম পৰিসীমিত  ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটি আজি  উদযাপন কৰা হয়  । উক্ত অনুষ্ঠানটিত অসম চৰকাৰৰ জলসম্পদ,বিঞ্জান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা ( পুৰাতত্ত্ব আৰু পুথিভঁৰাল ) বিভাগৰ মন্ত্ৰী  কেশৱ মহন্ত উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে, পৃথিৱীত অসমৰ সুকীয়া পৰিচয় চাহৰ বাবে আছে ৷ অসমৰ এই দুশ বছৰীয়া উদ্যোগতো বৰ্তমান চৰকাৰে দুগুন উৎসাহেৰে উৎজীবিত কৰিবৰ বাবে অপ্ৰান চেষ্টা চলাই আছে ৷ অসম চৰকাৰে চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে লোৱা বহু আচঁঁনিত শ্ৰমিকসকলৰ উন্নয়ন হৈছে ৷তেওঁ লগতে কয়  প্ৰতিখন চাহ বাগিছাত বৰ্তমান চৰকাৰে শিক্ষা স্বাস্থ্যৰ বাবে বিশেষ আচঁনি দিয়াৰ লগতে অসম চাহ বাগিছা অসম চাহ বাগিছা ধন পুৰস্কাৰ আচনিৰ অধীনত ২০১৮ চনৰ জানুৱাৰী আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰীত দুটা কিস্তিত পাঁচ হাজাৰ টকা দিয়াৰ লগতে বৰ্তমান তৃতীয় কিস্তিত ৩০০০ হাজাৰ টকা একাউণ্টত ভৰাই দিয়া হৈছে ৷ শ্ৰমিকৰ সকলো প্ৰকাৰৰ উন্নয়নৰ বাবে চাহ শ্ৰমিকৰ বিভিন্ন সংগঠনৰ লগতে ছাত্ৰ সংগঠন আছা আৰু আটছাৰ সহযোগিতাৰ প্ৰয়োজন ৷অসম চাহ নিগম পৰিসীমিতৰ উপাধ্যক্ষ সীমাঞ্চল দীগালে উদ্দেশ্য ব্যাখ্যা আৰু আঁতধৰা অনুষ্ঠানটোত মৃতপ্ৰায় চাহ উদ্যোগটো জীবিত কৰাৰ ক্ষেত্ৰত মিত্ৰজোঁট চৰকাৰে লোৱা প্ৰচেষ্টাত ভূয়সী প্ৰসংশা কৰে ৷ অসমৰ পোন্ধৰখন চাহ বাগিছাৰ শ্ৰমিক কৰ্মচাৰীয়ে  অংশগ্ৰহণ কৰা প্ৰতিষ্ঠা দিৱসটি পুৱা ৪৯ খন পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে ৷ মন্ত্ৰী কেশৱ মহন্তই  লগতে কয় যে  বিগত পাঁচ বছৰত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ যোগেদি চাহ শ্রমিক সকলক প্ৰাপ্য অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে নানান চেষ্টা চলাই আহিছে ৷ তাৰে ভিতৰত ধন পুৰষ্কাৰ মেলাৰ দ্বাৰা প্ৰতিখন বাগানৰ চাহ শ্রমিকক একাউন্টত এককালীন সাহায্য আগবঢ়োৱা, ১৫ খন বাগিছাত নতুন চিকিৎসালয় স্থাপন, ১১৯ খন নতুন হাইস্কুল নিৰ্মাণকাৰ্য, বাগানৰ গোটসমূহক আৰ্থিক অনুদান দিয়া, ১৩৫০ খন চাহ বাগিছাত বৃক্ষৰোপণ আদিকে ধৰি বাট পথ, পানী যোগানৰ সর্বাঙ্গীণ উন্নয়নৰ ধাৰা  আজি চৰকাৰ খনে আগবঢ়াইছে ৷ লগতে তেওঁ উল্লেখ কৰি যে  চাহ শ্রমিক সকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে ধনাত্মক দিশত বিবেচনা কৰি আছে বুলিও তেওঁ কয় ৷ আজি চাহ শ্রমিক সকলক উৎসাহ যোগাবলৈ সৰ্বোচ্চ হাৰত পাত তোলা ১৫ জন শ্রমিকক পুৰষ্কাৰ বিতৰণ কৰি সম্বোধন জনোৱাৰ লগতে অসম চাহ নিগমৰ  "সেউজ সোপান" নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে মন্ত্ৰী গৰাকীয়ে ৷ চামগুৰিৰ আমলখী, ডিজুভেলী, আৰু ডিজুভেলী চাহ বাগিছাৰ আতিথ্যত অনুষ্ঠিত হোৱা  অনুষ্ঠানটিত অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, উপাধ্যক্ষ সীমাঞ্চল দ্বিগাল, চাহ নিগমৰ সঞ্চালক ৰাণী কাথাৰপী,  কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° অনুপ বৰুুুৱা , এবিটাৰ নগাঁও চক্ৰৰ  অধ্যক্ষ ৰাজ শেখৰ দত্ত, আমলখী চাহ বাগিছা পৰিচালক যুগল কুমাৰ বৰুৱা, জয় গোহাঁই ,  অসম চাহ মজদুৰ সংঘৰ সদস্যবৃন্দ, বিভিন্ন বাগানৰ পৰিচালকসকল আৰু মেনেজমেন্ট বৰ্ডৰ সদস্যবৃন্দৰ লগতে বিভিন্ন চাহ বাগানৰ পৰা অহা শ্ৰমিক সকল উপস্থিত থাকে ৷

No comments