Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম চৰকাৰৰ শ্ৰম দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষান ৰাইজৰ বাবে অসম দৰ্শন আঁচনিৰ নামঘৰ , গিৰ্জা ঘৰৰ আধাৰশিলা শুভ উদ্বোধন

তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী,সন্তোষ ফুকন:  সম্মুখত নিৰ্বাচন , এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত নিৰ্বাচনী কুচ-কাৱাজ । কিন্তু অসম চৰকাৰৰ শ্ৰম দপ...


তিনিচুকীয়া,২ ফেব্ৰুৱাৰী,সন্তোষ ফুকন: সম্মুখত নিৰ্বাচন , এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত নিৰ্বাচনী কুচ-কাৱাজ । কিন্তু অসম চৰকাৰৰ শ্ৰম দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানে নিৰ্বাচনৰ চৰকাৰে দিয়া নিতি নিয়মাৱলী আগে আগে ৰাইজৰ বাবে মুকলি কৰি গৈছে পথ, অসম দৰ্শন আঁচনিৰ ২০১৯-২০ বৰ্ষৰ পুঁজিৰে নামঘৰ , গিৰ্জা ঘৰ নিৰ্মাণৰ আধাৰশিলাৰ জড়িয়তে সফল ৰূপায়ন কৰাৰ বাবে পুৱাৰ পৰা আৰম্ভ কৰে যাত্ৰা ।  আজি পূৱা মন্ত্ৰী জনে টেঙা পানী গাঁৱ পঞ্চায়তৰ অন্তৰ্গত নতুন গাঁৱ ৰাজহুৱা নামঘৰৰ আধাৰশিলা স্থাপন কৰে । মন্ত্ৰীজনক নামঘৰৰ ভক্ত বৃন্দয় আশীৰ্বাদ দি ৰাইজৰ কাম কৰি যাব পৰাকৈ আশীৰ্বাদ দি সুস্বাস্থ্য কামনা কৰে । তাৰ পাছতে মন্ত্ৰী জনে ৰাজগড় আলি ১ নং পথ উদ্ধোধন , ৰাজগড় আলি জি এল গিৰ্জা ঘৰৰ পকি ৱাল উদ্ধোধন, ৰাজগড় আলি চাহ বাগিচাৰ কেথলিক ৱাল আধাৰশিলা , টেঙা পানী চাহ বাগিচাৰ ষ্টাফচাইন পথ শুভ উদ্বোধন, জ্যোতি নগৰ কুৰ্মীবাৰী নামঘৰৰ আধাৰশিলা, জ্যোতি নগৰ পথ শুভ উদ্বোধন, হেবেদা চাহ বাগিচাৰ পথ শুভ উদ্বোধন, বৰবাৰী পথ শুভ উদ্বোধন, ৰবৰবাৰী পথ শুভ উদ্বোধন, বৰৰবাৰী ৰাজহুৱা নামঘৰৰ আধাৰশিলা স্থাপন আৰু টেঙা পানী গাঁৱ পথৰ শুভ উদ্বোধন কৰে ।  আজি মন্ত্ৰী জনৰ লগতে ৫নং লক্ষীপথাৰ জিলা পৰিষদৰ সদস্যা ৰাধা গগৈ , , ইটাখুলি মন্ডল সাধাৰণ সম্পাদক উদয় বৰা , ইটাখুলি মন্ডল উপ সভাপতি শ্ৰীধৰ উপাধ্যায়  আৰু বহুসংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া লগতে সদস্য আছিল । ২০১৯-২০ বৰ্ষৰ পুঁজিৰে নামঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা গাঁও সমুহৰ নামঘৰৰ আৰু গিৰ্জা ঘৰৰ ভক্তপ্ৰাণ ৰাইজে মন্ত্ৰী সঞ্জয় কিষানক আশীৰ্বাদ দিয়ে আৰু মন্ত্ৰী জনে বিশ্বাস দি ৰাইজৰ উদেশ্যে কয় এই চৰকাৰে ৰাইজৰ বাবে প্ৰতিটো সময়তে ৰাইজৰ বাবে কাম কৰি আহিছে আৰু ৰাইজৰ আশীৰ্বাদত আগলৈকে কাম কৰি যাবলৈ আশাবাদী  । মন্ত্ৰী জনে  অনাগত দিনবোৰটো এইদৰে ৰাইজৰ বাবে কাম কৰি  যাবলৈ প্ৰাৰ্থনা কৰে  লগতে ধন্যবাদ জ্ঞাপন কৰে ।

No comments