Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙৰ ঐতিহ্যমণ্ডিত তৰাগাঁও দামে মছজিদত বছৰেকীয়া খতামিত দোৱা ল'বলৈ ঠাহ খাই পৰিল নিৰ্বাচনৰ ভাবী প্ৰাৰ্থী

গণবাৰ্তা, ছিপাঝাৰ,২৮ ফেব্ৰুৱাৰী : দৰঙৰ ঐতিহ্যমণ্ডিত তৰাগাঁও জামে মছজিদ।১৮৬৩ চনতে স্থাপিত এটা মৰ্যদাপূৰ্ণ ইছলাম ধৰ্মীয় উপাসনাৰ স্থলী হিচাপে ...


গণবাৰ্তা, ছিপাঝাৰ,২৮ ফেব্ৰুৱাৰী
: দৰঙৰ ঐতিহ্যমণ্ডিত তৰাগাঁও জামে মছজিদ।১৮৬৩ চনতে স্থাপিত এটা মৰ্যদাপূৰ্ণ ইছলাম ধৰ্মীয় উপাসনাৰ স্থলী হিচাপে সকলোৰে জ্ঞাত। যাৰ বাবে ধৰ্ম- বৰ্ণ,জাতি নিৰ্বিশেষে সকলোৰে মছজিদটোৰ প্ৰতি আছে এক শ্ৰদ্ধাশীল মনোভাৱ। যিটো মছজিদত বিপদ আপদ কিম্বা মনৰ আশা কামনাৰ্থে দোৱা কৰিলে নিমিষতে পূৰণ হয় মনৰ আশা।সকলো ৰাইজৰে ভক্তি ভাব থকা এই মছজিদটোত প্ৰতিটো বছৰতে পালন কৰা হয় বছৰেকীয়া খতম আৰু মিলাদে মেহফিল। এই বেলিও ২৮ ফেব্ৰুৱাৰীত মছজিদটোত পালন কৰা হয়় খতম আৰু মিলাদে মেহফিল।হজৰত মুফটি মহম্মদ তাজনুৰ আলী ক্কাদৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানত বহু কেইগৰাকী ধৰ্মীয়় উলামা কেৰাম উপস্থিত থাকি ওৱাজ নচিহৎ আগবঢ়়ায়।প্ৰায়় তিনি সহস্ৰাধিক ইচলাম ধৰ্মীয়় লোকৰ উপস্থিতিত অনুষ্ঠিত বিশেষ ভাবে লক্ষণীয় আছিল আগন্তুক বিধান সভা নিৰ্বাচনত ছিপাঝাৰ সমষ্টি পৰা প্ৰতিদ্বন্দিতা কৰিব বিচৰা ৰাজনৈতিক দল সমূহৰ ভাবী প্ৰাৰ্থী সকলৰ দোৱা বিচাৰি মছজিদ প্ৰাঙ্গণত উপস্থিতি।প্ৰথমতে পুৱাৰ ভাগতে উপস্থিত হয় কংগ্ৰেছ দলৰ টিকটৰ দাবীদাৰ কুলদীপ বৰুৱা।কিছুসময় পিছত উপস্থিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অশোক ভাৰ্গৱ।তাৰ পিছত উপস্থিত হয় কংগ্ৰেছৰ কন্দৰ্প কলিতা।অলপ পিছতে দলীয় কৰ্মী সমৰ্থকক লগতলৈ উপস্থিত হয় কংগ্ৰেছৰ মাধৱ ৰাজবংশী। এই প্ৰতিবেদকৰ আগত ভাবী প্ৰাৰ্থী মাধৱ ৰাজবংশীয়়ে তেওঁঁ দলীয়় টিকট লাভ কৰাটো নিশ্চিত বুলি ক'ব বিচাৰি তেওঁঁ সকলো ৰাইজৰ লগত সুুু- পৰিচিত আৰু ৰাইজে তেওঁক প্ৰাৰ্থিত্ব লাভ কৰাটো বিচৰা বুলি প্ৰকাশ কৰে।তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দী কোন বুলি জানিৱ বিচৰাত প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ তথা ভোটাৰৰ মাজত বিশেষ ভাবে প্ৰভাৱ থকা আৰু ৰাজনৈতিক ক্ষেত্ৰত দক্ষতাপুষ্ট ৰাজবংশীয়ে বিজেপিৰ প্ৰাৰ্থীয়েই তেওঁৰ সন্মুখত প্ৰধান প্ৰতিদ্বন্দী হ'ব বুলি আৰু তেওঁৰ জয়়লাভ কৰাটো এশ শতাংশই নিশ্চিত বুলি দাবী কৰে।

No comments