গণ বাৰ্তা বিশেষ বিহালী ২৪ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজিৰ পৰা আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।সমগ্ৰ ৰাজ্...
গণ বাৰ্তা বিশেষ বিহালী ২৪ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজিৰ পৰা আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।সমগ্ৰ ৰাজ্য খনৰ লগতে আজি ৭৭ নং বিহালী বিধানসভা সমষ্টিতো সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত নেতৃত্বত বিজেপি কৰ্মীয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।
বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই দলীয় কৰ্মীৰ সৈতে তিনিসূতি গাঁৱৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ সুখ-দুখ,অভাৱ-অভিযোগৰ বিষয়ে বুজ লোৱা লগতে চৰকাৰে আগবঢ়োৱা বিভিন্ন আচঁনিৰ সুবিধা সমূহ লাভ কৰিছে নে নাই এই সম্পৰ্কে পৰিয়ালৰ সদস্য সকলৰ পৰা বুজ লয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই ।
তদুপৰি চৰকাৰে আগবঢ়োৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জানিবৰ বাবে বিজেপি কৰ্মী সকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনুৰোধ জনায় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই ।পৰিয়াল সম্পৰ্ক অভিযানত বিধায়ক তথা মন্ত্ৰীক সংগ দিয়ে তিনিসূতি গাওঁ পঞ্চায়ত সভানেত্ৰী, বৰঝাৰণি গাওঁ পঞ্চায়ত সভানেত্ৰী, জিনজিয়া জিলা পৰিষদ সদস্য, মোনাবাৰী জিলা পৰিষদ সদস্য তৰুণ তাতী, বাঘমৰা মণ্ডল কমিটি সভাপতি দধিৰাম শৰ্মা, মণ্ডলৰ সম্পাদক অংকুৰ শইকীয়াৰ লগতে কেবাগৰাকী দলীয় কৰ্মীয়ে ।
No comments