গণ বাৰ্তা,টীয়ক,২২ ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ নিবাসী সোমেশ্বৰ বৰা (৭৯ ) দেওবাৰে বাঢক্য জনিত কাৰণত মৃত্যু হয়। কিছুদিনৰ পূৰ্...
গণ বাৰ্তা,টীয়ক,২২ ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ নিবাসী সোমেশ্বৰ বৰা (৭৯ ) দেওবাৰে বাঢক্য জনিত কাৰণত মৃত্যু হয়। কিছুদিনৰ পূৰ্বে শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা বৰা চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথতেই মৃত্যু হয়। কৰ্মই ধৰ্ম বোলা আপ্ত বাক্যশাৰী শিৰোগত কৰি গোটেই জীৱন কৃষি কৰ্মত জড়িত হৈ পৰিয়ালটোক স্বাৱলম্বী কৰি তোলা বৰা মৃত্যুৰ এমাহৰ আগলৈকে খেতি পথাৰতেই ব্যস্ত আছিল। আৰ্দশ কৃষক, ধৰ্মপৰায়ণ, কষ্টসহিঞ্চু ,সমাজসেৱক গৰাকীৰ মৃত্যুত অঞ্চলবাসীয়ে অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰি গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিজন পুত্ৰ , বোৱাৰী, নাতি-নাতিনী ইহ সংসাৰত এৰি যায়।
No comments