Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছ, এজেৱাইচিপিৰ একাংশ সদস্য বিজেপিত যোগদান

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ ফেব্ৰুৱাৰী : আজি ভাৰতীয় জনতা পাৰ্টীৰ ভৱানীপুৰ মণ্ডল সমিতিয়ে ভৱানীপুৰৰ স্থানীয় কাৰ্যালয়ত দুপৰীয়া ২:৩০ বজাত এখন সং...


সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ ফেব্ৰুৱাৰী
: আজি ভাৰতীয় জনতা পাৰ্টীৰ ভৱানীপুৰ মণ্ডল সমিতিয়ে ভৱানীপুৰৰ স্থানীয় কাৰ্যালয়ত দুপৰীয়া ২:৩০ বজাত এখন সংবাদ মেল সম্বোধন কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ বাবে দাবী কৰে। বিজেপি দলৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী আৰু ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ তত্বাৱধায়ক গোপীনাথ দাসে সংবাদমেল সম্বোধন কৰি সমষ্টিটোত বিজেপিৰ ভেটি সম্পৰ্কে প্ৰকাশ কৰে। সমষ্টিটোত বিজেপিৰ দ্বাৰা সম্পৰ্ক ৰক্ষা অভিযানৰ কথা প্ৰকাশ কৰি কয় যে, সমষ্টিটোৰ ৩৪৯৪১ টা পৰিয়ালৰ ভিতৰত ভৱানীপুৰ মণ্ডল সমিতিয়ে প্ৰায় ১৮ হাজাৰটা পৰিয়ালৰ সৈতে জনসম্পৰ্ক ৰক্ষা কৰিছে। ২০৪ টা বুথ থকা সমষ্টিটো ৩৮৮৫ জন পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়া হৈছে। পূৰ্বতকৈ দলীয় স্থিতি অধিক শক্তিশালী হোৱা বুলি দাবী কৰি জিলা সভাপতি গৰাকীয়ে কয় যদিহে দলীয় নেতৃত্ব‌ই ভৱানীপুৰ সমষ্টি বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়ায় তেন্তে সমষ্টিটোত বিজেপিৰ একশ শতাংশ ই নিশ্চিত । আৰু বিজেপিৰ মিচন ১০০ -তো ভৱানীপুৰ সমষ্টি অন্তৰ্ভুক্ত বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, সাংবাদমেলৰ পূৰ্বে দলীয় এক সভাত কংগ্ৰেছ দলৰ কেবাগৰাকীও সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদেষ্টা নৱকুমাৰ তালুকদাৰ, বজালী জিলা সমিতিৰ বিষয়ববীয়া জীৱন বৈশ্য, ভৱানীপুৰ অঞ্চলিক সমিতিৰ প্ৰাক্তন সহঃ সাধাৰণ সম্পাদক জয়প্ৰকাশ দাস, কল্পজ্যৌতি চৌধুৰীকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ সদস্য বিজেপিত যোগদান কৰে। সংবাদ মেলত ভৱানীপুৰ মণ্ডল সভানেত্ৰী মামনি পাটগিৰি, উত্তৰ ভৱানীপুৰ মণ্ডল সমিতিৰ সভাপতি সঞ্জীৱ নাথ, বজালী জিলা সমিতিৰ উপ-সভাপতি নিপন ডেকা, বিজেপি নেত্ৰী প্ৰভা দাস, ভূপেন মেধি, কিশোৰ ডেকা আদি উপস্থিত থাকে।

No comments