Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জিলা কবি সন্মিলনৰ যুটীয়া কাৰ্যনিৰ্বাহক বৈঠক সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৭ ফেব্ৰুৱাৰী : যোৰহাট জিলা কবি সন্মিলনৰ ২০২০-২০২২ বৰ্ষৰ যুটীয়া কাৰ্যনিৰ্বাহক বৈঠকখন আজি বিয়লি মিঠাপুখুৰী পথস্থিত সংস্...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৭ ফেব্ৰুৱাৰী : যোৰহাট জিলা কবি সন্মিলনৰ ২০২০-২০২২ বৰ্ষৰ যুটীয়া কাৰ্যনিৰ্বাহক বৈঠকখন আজি বিয়লি মিঠাপুখুৰী পথস্থিত সংস্কৃতি ভৱনত অনুষ্ঠিত হয়। জিলা কবি সন্মিলনৰ বিদায়ী সভাপতি মহেন্দ্ৰনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাতে টীয়ক শাখা কবি সন্মিলনক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। বিদায়ী সম্পাদক বাব্‌লু প্ৰসাদ বৰুৱাই আঁতধৰা অনুষ্ঠানতে নৱনিৰ্বাচিত সভাপতি অজিত কুমাৰ বৰদলৈ আৰু সম্পাদক চৈয়দ পাৰভিজ হুছেইন প্ৰমুখ্যে কৰ্মকৰ্তাসকলক সদৌ অসম কবি সন্মিলনৰ শপত বাক্য পাঠ কৰায় মহেন্দ্ৰনাথ হাজৰিকাই। যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ, অসম লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী মামণি গগৈ বৰুৱা, যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ সভানেত্ৰী আৰেছা বেগম, কবি বিপুল ৰেগন, প্ৰণৱ কুমাৰ গগৈ, তিতাবৰ শাখা কবি সন্মিলনৰ সভানেত্ৰী লক্ষিমী দুৱৰা বৰদলৈ, অংকুৰজ্যোতি বুঢ়াগোহাঁই, যোৰহাট জিলা কবি সন্মিলনৰ উপ সভাপতি ক্ষীৰোদ হাজৰিকা, নকছাৰি কবি সন্মিলনৰ সভাপতি সুশীল গগৈ, জিলা কবি সন্মিলনৰ মুখপত্ৰ সম্পাদক দেৱজিৎ গোস্বামী, টুনমণি বৰদলৈ, নীহাৰিকা সোণোৱাল, অশান্ত ৰাতুল দত্ত, ৰীতা বৰদলৈ আদি উপস্থিত থকা সভাত নতুন সম্পাদকে এক ভৱিষ্যমুখী কৰ্ম-পৰিকল্পনাৰ ৰূপৰেখা উপস্থাপন কৰে।

No comments