Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শততম টেষ্ট খেলাৰ কৃতিত্ব ঈশান্ত শর্মাৰ

আহমেদাবাদ, ২৫ ফেব্ৰুৱাৰী:   শততম টেষ্ট খেলি ভাৰতৰ দ্বিতীয়গৰাকী পেচ বলাৰৰূপে ইতিহাস ৰচিলে ঈশান্ত শর্মাই৷  তেওঁ বুধবাৰে এক নতুন কৃতিত্বৰ গৰাকী...


আহমেদাবাদ, ২৫ ফেব্ৰুৱাৰী: 
 শততম টেষ্ট খেলি ভাৰতৰ দ্বিতীয়গৰাকী পেচ বলাৰৰূপে ইতিহাস ৰচিলে ঈশান্ত শর্মাই৷ 
তেওঁ বুধবাৰে এক নতুন কৃতিত্বৰ গৰাকী হ'ল, যাৰ বাবে ঈশান্ত শর্মাক ছ'চিয়েল মাধ্যমত বহুজনে ইয়াৰ বাবে অভিনন্দন জনায়।  বিশ্বৰ সর্ববৃহৎ ষ্টেডিয়াম ম’টেৰাত বুধবাৰৰ পৰা ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হোৱা দিবা–নৈশ টেষ্টখনত অৱতীর্ণ হোৱাৰ লগে লগে এই গৌৰৱ অর্জন কৰে তাৰকা পেচ বলাৰগৰাকীয়ে৷ টেষ্টখনৰ  প্রথম দিনাৰ তৃতীয়টো অ’ভাৰত ইংলেণ্ডৰ ডম ছিবলেক আউট কৰি ৩২ বছৰীয়া ঈশান্ত শর্মাই কেৰিয়াৰৰ শততম টেষ্টখন স্মৰণীয় কৰি তোলে৷ ২০০৭ চনত বাংলাদেশৰ বিপক্ষে প্রথমখন টেষ্ট খেলা ঈশান্তে এতিয়ালৈকে টীম ইণ্ডিয়াক ১০০খন টেষ্টত প্রতিনিধিত্ব কৰি ৩০৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ঈশান্তৰ পূর্বে শততম টেষ্ট খেলা ভাৰতৰ প্রথমগৰাকী পেচ বলাৰ হ’ল কপিল দেৱ৷ ইপিনে, বুধবাৰে শততম টেষ্টখনত অংশ লোৱা ঈশান্ত শর্মাক সম্বর্ধনা জনাই ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ আৰু গৃহমন্ত্রী অমিত শ্বাহে৷ টেষ্টখন আৰম্ভ হোৱাৰ প্রাকমুহূর্তত ঈশান্ত শর্মাক শততম টেষ্ট খেলাৰ বাবে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে এখন স্মাৰক প্লেট আৰু গৃহমন্ত্রী অমিত শ্বাহে এটা বিশেষ টুপী প্রদান কৰে৷ ইফালে, খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে টীম ইণ্ডিয়াৰ সতীর্থসকলে গার্ড অৱ অনাৰ দিয়ে ঈশান্তক৷ ইপিনে, টেষ্ট ক্রিকেটৰ ইতিহাসত ১০০ বা ততোধিক টেষ্ট খেলা ঈশান্ত শর্মা হ’ল ভাৰতৰ চতুর্থগৰাকী বলাৰ৷ ঈশান্তৰ পূর্বে এই কৃতিত্ব অর্জন কৰা টীম ইণ্ডিয়াৰ আনকেইগৰাকী বলাৰ হ’ল– অনিল কুম্বলে (১৩২), কপিল দেৱ (১৩১) আৰু হৰভজন সিং (১০৩)৷

No comments