Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভা পুনৰ "আছু"ৰ দখলত,এবিভিপি ধাৰাশাৰী

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১৯ ফেব্ৰুৱাৰী : চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয় ৷ ক্ৰমাগত অষ্টমবাৰৰ ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১৯ ফেব্ৰুৱাৰী : চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয় ৷ ক্ৰমাগত অষ্টমবাৰৰ বাবে সভাপতি,সাধৰণ সম্পাদককে ধৰি সকলো পদতে এককভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৷ এইবাৰ অতি আশ্চৰ্য্যৰ বিষয় যে,প্ৰতিদ্বন্দিতা হোৱা এঘাৰটা পদতেই এবিভিপি সমৰ্থিত প্ৰাৰ্থীসমূহ বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হয় ৷বিগত আঠ বছৰৰ দৰে এইবাৰো ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এককভাৱে সকলো পদবীতে জয়লাভ সাব্যস্ত কৰিছে ৷ ফলাফল ঘোষণাৰ পাছত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ,উপ-সভাপতি অৰ্জুনমনি ভূঞা,সহকাৰী সম্পাদক পঞ্চানন দুৱৰা,ক্ৰীড়া সম্পাদক পাৰ্থ প্ৰতীম বৰা,অসম সেনাৰ সুদীপ্ত বৰা,যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঐনিতম দত্ত,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিবিৰ দত্তৰ নেতৃত্বত এটি দল উপস্থিত হৈ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক একোখনকৈ ফুলাম গামোছাৰে অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে মহাবিদ্যালয়ৰ আছু গোটৰ সদস্যসকলে "জয় আই অসম", "সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ","চি কে বি কমাৰ্চ কলেজ আমাৰ স্বাভিমান" ইত্যাদি শ্লোগানৰ লগতে বোমা-ফটকা ফুটাই হৰ্ষোল্লাস কৰে ৷ বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়, অগতানুগতিক আৰু গঠনমূলক চিন্তা-চৰ্চাক প্ৰাধান্য দি পূৰ্বৰ দৰে এইবাৰো নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে নীতি আৰু মূল্যবোধৰ আধাৰত মহাবিদ্যালয়ৰ স্বাৰ্থত ব্ৰতী হৈ সেৱা আগবঢ়াই যাব বুলি আমি আশাবাদী,ছাত্ৰ সন্থাই সকলোধৰণে এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ দায়বদ্ধ ৷ ছাত্ৰনেতাদ্বয়ে কয়,সভাপতি পদত অবিনাশ ফুকন ,উপ-সভাপতি পদত আনন্দ শৰ্মা,সাধাৰণ সম্পাদক পদত জনাৰ্দন দুৱৰা, সহকাৰী সাধাৰণ  সম্পাদক পদত আফজল হুচেইন, সাংস্কৃতিক সম্পাদক পদত প্ৰত্যুষ প্ৰীতম হাজৰিকা,ছাত্ৰ জিৰণি কোঠা আৰু লঘূ ক্ৰীড়া সম্পাদক পদত যুৱৰাজ বড়ি,অসমীয়া আলোচনী সম্পাদ

No comments