Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

'বেলকনিত ভগৱান' কথাছবিৰ অফিচিয়েল টেইলাৰ প্ৰদৰ্শন

গণবাৰ্তা বিশেষ যোৰহাট, ৩ ফেব্ৰুৱাৰী:  আজি যোৰহাট প্ৰেছ ক্লাৱত অনুস্থিত এক অনুস্থানত বেলকণিত ভগবান চলচিত্ৰৰ অফিচিয়েল টেইলাৰ আজি প্ৰদৰ্শন কৰা ...


গণবাৰ্তা বিশেষ যোৰহাট, ৩ ফেব্ৰুৱাৰী: আজি যোৰহাট প্ৰেছ ক্লাৱত অনুস্থিত এক অনুস্থানত বেলকণিত ভগবান চলচিত্ৰৰ অফিচিয়েল টেইলাৰ আজি প্ৰদৰ্শন কৰা হয়| ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত বোলছবি পৰিচালক যদুমনি মহন্তই উন্মোচন কৰে অফিচিয়েল টেইলাৰ| মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত "জেতুকা পাতৰ দৰে" কথাছবিৰ বাবে ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত নুৰুল চুলতানৰ দ্বাৰা প্ৰযোজিত বিশ্বজিৎ বৰাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত বেলকনিত ভগৱান কথা ছবি খনে যোৱা ৮ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰী লৈকে অনুস্থিত হোৱা কলকাতা আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱত নেচ্যনেল কম্পিটিচন অব ইণ্ডিয়ান লেংগুৱেজত অংশ লৈ শ্ৰেষ্ঠ পৰিচালনাৰ বাবে গব্লেন ৰয়েল বেংগল বটা লাভ কৰিবলৈ সক্ষম হয়| উল্লেখ যোগ্য যে এই কথাছবি খন অহা ১০ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব লগীয়া ২৫ তম কেৰেলা আন্তঃজাতিক চলচিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান চিনেমা নাৱ শাখালৈ আমন্ত্ৰন লাভ কৰিছে| দেশ বিদেশৰ ২০০ৰো অধিক চলচিত্ৰই আমন্ত্ৰন লাভ কৰা মহোৎসৱ খনত বেলকনিত ভগৱান ৪ বাৰকৈ প্ৰদৰ্শিত হব| আজি যোৰহাট প্ৰেছ ক্লাৱত অনুস্থিত এক সংবাদ মেলত এই কথা সদৰী কৰি কয় কথাছবি খনৰ পৰিচালক বিশ্বজিৎ বৰাই কয়  যে কথাছবি খন ১৯ তম ঢাকা চলচিত্ৰ মহোৎসৱ আৰু টৰন্টুৰ অল্টাৰ্নেটিভ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ ড্ৰামা কথাছবি আৰু শ্ৰেষ্ঠ কাহিনী আৰু চিত্ৰনাট্য শাখাৰ বাবে মনোনীত হৈছে| কথাছবি খনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা হৰিশ খান্নাৰ লগতে প্ৰনামী বৰা আৰু পৰিনান্ধি জিমা চুলতানাৰ লগতে অৰুন হাজৰিকা ৰাজীৱ ক্ৰকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে|

No comments