ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৩ ফেব্ৰুৱাৰী : অৱশেষত আজিৰ পৰা মঙলদৈ জিলা পুথিভঁৰাল বাকৰিত আৰম্ভ হল বহু প্ৰতীক্ষিত মঙলদৈ গ্ৰন্থমেলা । আজি বিয়লি ম...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৩ ফেব্ৰুৱাৰী : অৱশেষত আজিৰ পৰা মঙলদৈ জিলা পুথিভঁৰাল বাকৰিত আৰম্ভ হল বহু প্ৰতীক্ষিত মঙলদৈ গ্ৰন্থমেলা । আজি বিয়লি মঙলদৈ গ্ৰন্থ মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয় যে হতাশগ্ৰস্থতাৰ পৰা মুক্ত হবলৈ গ্ৰন্থ অধ্যয়ন কৰাতো অতি প্ৰয়োজন । গ্ৰন্থই হৈছে মানুহৰ জীৱনৰ অন্যতম লগৰী। বিশেষকৈ কোৰোণা মহামাৰীৰ দীঘলীয়া লকডাউনৰ সময়চোৱাত গ্ৰন্থই বহুতকে প্ৰেৰণা দিয়াৰ লগতে জীৱনী শক্তি হৈ পৰিছিল বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । মঙ্গলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত মঙ্গলদৈ জিলা পুথিভঁৰাল প্ৰাঙ্গনত আজিৰে পৰা ছয় দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মঙ্গলদৈ গ্ৰন্থমেলা ২০২১ উদ্বোধন কৰি উপায়ুক্ত বৰাই আৰু কয় যে গ্ৰন্থ অধ্যয়ন নকৰাৰ বাবেই বহু লোকে কোৰোণা কালত হতাশাত ভুগিছিল। ইয়াৰ বিপৰীতে গ্ৰন্থ অধ্যয়নৰ অভ্যাস থকা লোক সকলে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি সময়বোৰ সুন্দৰ ভাৱে অতিবাহিত কৰিছিল। বিশিষ্ট অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আতঁধৰা আৰু আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক অখিল কলিতা, আছুৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভৱেশ কাকতি, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন ৰাজবংশী, আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, মঙ্গলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। গ্ৰন্থমেলাৰ প্ৰথম দিনাখনেই তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সেই অনুসৰি বিশিষ্ট নিবন্ধকাৰ, সাহিত্যিক মুনিন্দ্ৰ বৈশ্যৰ 'ভাৱনাৰ মালিতা' নামৰ গ্ৰন্থ খন উন্মোচন কৰে ডঃ পৰামনন্দ ৰাজবংশীয়ে। আনহাতে মঙ্গলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ লীনা শইকীয়াৰ শিশু পুথি বীৰ 'বীৰঙ্গনাৰ কাহিনী' উন্মোচন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই। বিশিষ্ট কবি লিলি বৈশ্য কলিতাৰ 'ভেট ফুলৰ মৌ' গ্ৰন্থখন উন্মোচন কৰে লোক সংস্কৃতিৰ গৱেষক তৰুণ আজাদ ডেকাই। বহুদিনৰ বিৰতিত মঙ্গলদৈত অনুষ্ঠিত গ্ৰন্থ মেলাৰ প্ৰথম দিনাই ব্যাপক জনসাগম পৰিলক্ষিত হৈছে। নিশা অসম নাট্য সন্মিলনৰ দ্বাৰা নাট্যকাৰ বিপুল চলিহা পৰিচালিত 'হাহিঁৰ আঁৰৰ বাহী' প্ৰদৰ্শিত হব। কাইলৈ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষতা বিকাশ কৰ্মশালাৰ লগতে বিয়লি চাৰি বজাত ১০ গৰাকী নবীন প্ৰবীন লেখকৰ গ্ৰন্থ উন্মোচন আৰু সন্ধিয়া ছয় বজাত সুৰৰ্তীথ গুৱাহাটীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হব বুলি আয়োজক সমিতিৰ সমন্বয়ক মুকুট ৰাজ শৰ্মা আৰু মঙ্গলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষীনন্দন কলিতাই জনাইছে।
No comments