গণ বাৰ্তা কাকজান, ২৬ অক্টোবৰ :সমাজ সচেতনতা বৃদ্ধিৰ বাবে অন্যতম সামাজিক সংস্থা "প্ৰজ্ঞা ফাউণ্ডেচনে" সমগ্ৰ ৰাজ্যৰ ১০০ টা বিধান সভা...
গণ বাৰ্তা কাকজান, ২৬ অক্টোবৰ :সমাজ সচেতনতা বৃদ্ধিৰ বাবে অন্যতম সামাজিক সংস্থা "প্ৰজ্ঞা ফাউণ্ডেচনে" সমগ্ৰ ৰাজ্যৰ ১০০ টা বিধান সভা সমষ্টিত ওলিয়াইছে বিশেষ "সংস্কাৰ জাগৰণ যাত্ৰা" সেই উদ্দেশ্যে আজি টেয়ক সমষ্টিৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰা আৰম্ভ কৰে এই বিশেষ যাত্ৰা । ভাৰতীয় সংস্কৃতি প্ৰচাৰৰ কেইবাটাও মহৎ উদ্দেশ্যেৰে যাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে... সংস্কাৰ মুখী প্ৰমূল্যৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা,সমাজ গঠনত গাঁৱ আৰু ভূমি সুৰক্ষাৰ গুৰুত্ব, প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন, জৈৱিক কৃষি আৰু গো- পালনৰ প্ৰয়োজনীয়তা আৰু আমাৰ কৰণীয় আদি বিভিন্ন মহান উদ্দেশ্যৰে এই যাত্ৰা আৰম্ভ কৰিছে।এই মহান যাত্ৰাক সকলোৱে আদৰণি জনাইছে।
No comments