গণ বাৰ্তা, শালবাৰী, ২০ ফেব্ৰুৱাৰী: ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি বিদেশী বহিষ্কাৰ আন্দোলন চলিছিল সেই সময়ত বাক্সাৰ সাউদৰভিঠা গাঁও...
গণ বাৰ্তা, শালবাৰী, ২০ ফেব্ৰুৱাৰী: ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি বিদেশী বহিষ্কাৰ আন্দোলন চলিছিল সেই সময়ত বাক্সাৰ সাউদৰভিঠা গাঁওখনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল৷ তাৰ পৰৱৰ্তী সময়ত ১৯৮৩ চনৰ ২০ ফেব্ৰুৱাৰীত চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা অবৈধ নিৰ্বাচন প্ৰতিৰোধ কৰিবলৈ গৈ সাউদৰভিঠা গাঁওৰ চাৰিজনকৈ লোক আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ প্ৰাণ আহুতি দিবলগা হৈছিল আৰু আৰক্ষীৰ গুলীত আহত হৈছিল ১৪ জনকৈ লোক৷ সেই মৃত্যুবৰণ কৰা লোকসকলৰ আত্মাৰ সদগতিৰ কামনা কৰি প্ৰতি বছৰৰ ২০ ফেব্ৰুৱাৰীৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই ছহিদ দিৱস হিচাপে পালন কৰি আহিছে৷ আজিও ছাত্ৰ সন্থাৰ ফালৰপৰা সাউদৰভিঠা চক বজাৰত থকা স্থায়ী ছহিদ বেদীত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আদি কাৰ্যসূচীৰে ছহিদ দিৱস পালন কৰে৷
No comments