Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধেমাজিৰ গাড়ী চালকক নগালেণ্ডত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ

  গন বাৰ্তা ধেমাজি, ১০ ফেব্ৰুৱাৰী: নিচাযুক্ত পানীয় সেৱন কৰাই কান কাটি, ভৰিৰ নখ উভালি পাহাৰৰ ওপৰৰ পৰা চালকক দলিয়াই পেলাই গাড়ী চুৰে ৷ সম্প্ৰতি...

 


গন বাৰ্তা ধেমাজি, ১০ ফেব্ৰুৱাৰী: নিচাযুক্ত পানীয় সেৱন কৰাই কান কাটি, ভৰিৰ নখ উভালি পাহাৰৰ ওপৰৰ পৰা চালকক দলিয়াই পেলাই গাড়ী চুৰে ৷ সম্প্ৰতি নগালেণ্ড আৰক্ষীৰ হাতত আটক তিনি গাড়ী চোৰ ৷ উল্লেখ্য যে যোৱা ৭ ফেব্ৰুৱাৰীত ধেমাজি টেক্সি ষ্টেণ্ডৰ পৰা প্ৰথমে চিলাপথাৰলৈ বুলি AS-22-F 5022 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন ভাড়ালৈ নিয়ে তিনিজন অচিনাক্ত যুৱকে ৷ চিলাপথাৰ গৈ পোৱাৰ পিচত পুনৰ গোলাঘাটলৈ বুলি গাড়ীখন নিয়ে তিনি গাড়ী চোৰে ৷ দেৰগাৱঁৰ সমীপত পানীৰ লগত নিচাযুক্ত দ্ৰব্য সেৱন কৰাই গাড়ী চালক ধেমাজিৰ ন পাম গাঁৱৰ তীৰ্থ গগৈৰ ডিঙিত মাফলাৰে মেৰিয়াই হত্যাৰ চেষ্টা চলোৱাৰ সমান্তৰালভাৱে কাণ কামুৰি ছিঙি পেলোৱাৰ লগতে ভৰিৰ নখো উভালি পেলায় হত্যাৰ চেষ্টাৰে নগালেণ্ডৰ এক স্হানত গাড়ীৰ পৰা দলিয়াই পেলায় গাড়ী চুৰি চক্ৰই ৷ পিচত অৰ্ধমৃত অৱস্হাত চালক তীৰ্থ গগৈক স্হানীয় নগালোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ নগালেণ্ডৰ নিউলেণ্ড আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি চুৰি গাড়ীখনৰ লগতে তিনি গাড়ী চোৰ ক্ৰমে হোজাই মোৰাঝাৰ থানাৰ অন্তৰ্গত মহম্মদ আব্দুল লটিফ আৰু নজৰুল ইছলাম আৰু গোলাঘাট উৰিয়ামগুৰিৰ মহম্মদ হুজি আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে ধেমাজি আৰক্ষীয়েও গোচৰ 68/2021নম্বৰত ভাৰতীয় দণ্ডবিধি U/S 392/34 IPC নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷

No comments