Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আৰক্ষী-এছএছবিৰ যুটীয়া অভিযান শালবাৰীৰ লাবদাংগুৰিত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

গণ বাৰ্তা, শালবাৰী, ১০ ফেব্ৰুৱাৰীঃ  বাক্সাৰ জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাবদাংগুৰিৰ পৰা লাবদাংগুৰি আৰক্ষী আৰু ৫৪ নং এছ এছ বিৰ যুটীয়া অভিয...


গণ বাৰ্তা, শালবাৰী, ১০ ফেব্ৰুৱাৰীঃ বাক্সাৰ জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাবদাংগুৰিৰ পৰা লাবদাংগুৰি আৰক্ষী আৰু ৫৪ নং এছ এছ বিৰ যুটীয়া অভিযানত উদ্ধাৰ হয় গোপনে জংঘলৰ ভিতৰত ৰাখি থোৱা অস্ত্ৰ ভাণ্ডাৰ৷লাবদাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা এক গোপন খবৰৰ ভিত্তিত আৰক্ষী আৰু এছ এছ বিৰ দলে অভিযান চলাই এটা হস্ত নিৰ্মিত পিষ্টল , বন্দুকত ব্যৱহাৰ পাউদাৰ , গ্লাচৰ টুকুৰা , ৮ মিটাৰ টুৱাইন আৰু এটা লাইটাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লাবদাংগুৰি আৰক্ষীৰ হৈ অভিযানকাৰী দলটোত নেতৃত্ব দিছিল আৰক্ষী বিষয়া আকাশ ৰায়ে৷

No comments