এন্টিগোৱা, ৭ ফেব্ৰুৱাৰী: ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ এজ্ৰা মোছলেৰ ৬৩ বছৰ বয়সত এটা পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে...
এন্টিগোৱা, ৭ ফেব্ৰুৱাৰী: ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ এজ্ৰা মোছলেৰ ৬৩ বছৰ বয়সত এটা পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে। প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে তেওঁ চাইকেলৰে গৈ থকা অৱস্থাত এখন কাৰে খুন্দা মাৰে। ফলত এইগৰাকী ক্ৰিকেটাৰৰ থিতাতে মৃত্যু ঘটে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন দ্ৰুত বেগী বলাৰজনে ১৯৯০ৰ দশকৰ আৰম্ভণিত ৰাষ্ট্ৰীয় দলটোৰ হৈ দুখন টেষ্ট আৰু ৯খন এদিনীয়া মেচ খেলিছিল। ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ সঞ্চালকে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ তৰফৰ পৰা কয় যে তেওঁ এগৰাকী ভাল ক্ৰিকেটাৰ আছিল। তেওঁ ৭০ৰ দশকৰ মাজত, ৮০ৰ দশকৰ শেষৰ পৰা ৯০ৰ দশকৰ আৰম্ভনিত তেওঁ ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ হৈ খেলাৰ পিছত ৱেষ্ট ইণ্ডিজৰ হৈ খেলিব আৰম্ভ কৰিছিল।
No comments