Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰীক ষ্ট্ৰবেৰী প্ৰদান সৰ্থেবাৰীৰ কামাৰপাৰাৰ আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা-জয়া বৰগোহাঞি ডেকাৰ

তফিকুৰ ৰহমান, গণ বাৰ্তা, চেঙা, ২৬ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্ত্তী কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা ...


তফিকুৰ ৰহমান, গণ বাৰ্তা, চেঙা, ২৬ ফেব্ৰুৱাৰী
: বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্ত্তী কামাৰপাৰাৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই নিজহাতে নিজৰ কৃষিভূমিত কৰা ষ্ট্ৰবেৰীখেতিৰ সুস্বাদু ষ্ট্ৰবেৰী যোৱা  ২৩ ফেব্ৰুৱাৰীত অসমৰ  মুখ্যমন্ত্ৰীক প্ৰদান কৰে । বিশ্বশান্তিৰ বাবে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত হোৱা কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তনৰ ধৰ্মালোচনা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুগৃহত ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ তদাৰকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃষক দম্পতীয়ে সাক্ষাৎ কৰি প্ৰদান কৰে ষ্ট্ৰবেৰী। কৃষিকৰ্মৰে স্বাৱলম্বী হোৱা পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাৰ লগত আন্তৰিকতাৰে  বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৎফুল্লিত হোৱাৰ লগতে আদৰ্শ কৃষক দম্পতীহালক উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱা বুলি জানিব পৰা গৈছে। জয়া বৰগোহাঞিয়ে মুখ্যমন্ত্ৰীগৰাকীক এখন পত্ৰযোগে তেওঁলোকৰ অভাৱ আৰু সমস্যাসমূহৰ কথা উল্লেখ কৰে। জয়া বৰগোহাঞি ডেকাই কৃষিকৰ্মত ব্যৱহৃত বিভিন্ন ধৰণৰ সা-সঁজুলি , ট্ৰেক্টৰ, গ্ৰীণ হাউচৰ অভাৱ আৰু প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে পত্ৰখনত।মুখ্যমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰি আশীষ আৰু সেৱা লয় আদৰ্শ কৃষক দম্পতীয়ে । উল্লেখ্য যে,   ২০১৭ চনত পৰমেশ্বৰ ডেকাক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা। আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই যোৱা কেইবাবছৰৰ দৰে এইবাৰো দুবিঘা কৃষিভূমিত কৰিছে ষ্ট্ৰবেৰীৰ খেতি। ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে কৃষক দম্পতীয়ে । অসমত এতিয়া ষ্ট্ৰবেৰীৰ খেতি হৈ পৰিছে আশাৰ বতৰা । আৰু জৈৱিক পদ্ধতিৰে মাত্ৰ দুবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰি এতিয়া তিনিলাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য লৈছে আদৰ্শ কৃষক দম্পতী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই  । প্ৰায় দুবিঘা মাটিত ছয় হাজাৰ জোপা ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা পৰমেশ্বৰ ডেকাই এইবাৰ এই খেতিৰ জৰিয়তে প্ৰায় তিনি লাখ টকা উপাৰ্জন কৰাৰ লক্ষ্য স্থিৰ কৰিছে । মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা লাভ কৰা পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ পৰা লাভ কৰিছে ষ্ট্ৰবেৰীৰ পুলিবোৰ। দুবিঘা মাটিত ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰাৰ নামত খৰচ হৈছে প্ৰায় পশিচ হাজাৰ টকা। ইতিমধ্যে বজাৰত বিক্ৰী কৰিবলৈ লৈছে ষ্ট্ৰবেৰী । আশা কৰা ধৰণে বিক্ৰী হৈছে ষ্ট্ৰবেৰী। বৰপেটা, হাউলী, বজালী, নলবাৰী, নসত্ৰ, গুৱাহাটীকে ধৰি বিভিন্ন বজাৰত ষ্ট্ৰবেৰী বিক্ৰী কৰাৰ  লগতে ঘৰৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিছে ষ্ট্ৰবেৰী। প্ৰতিকিলোগ্ৰামত তিনিশ টকাৰ পৰা চাৰিশ টকালৈকে বিক্ৰী কৰিছে ষ্ট্ৰবেৰী। উল্লেখ্য যে, যোৱা বছৰো দুবিঘা কৃষিভূমিত আঠ হাজাৰ ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰিছিল যদিও মহামাৰী কৰোনাৰ বাবে দেশজুৰি হোৱা লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মূখীন হৈছিল পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোহাঞি ডেকাই। প্ৰতিকিলোগ্ৰামত চাৰিশ টকাকৈ বিক্ৰী হোৱা সুস্বাদু ষ্ট্ৰবেৰীবোৰ বজাৰলৈ নিব নোৱাৰাৰ বাবে যোৱা বছৰ খেতি-পথাৰতে নষ্ট হৈ গৈছিল ষ্ট্ৰবেৰী । তথাপিও ভাগি পৰা নাছিল এইহাল আদৰ্শ কৃষক দম্পতী। চলিত বৰ্ষতো অতি উৎসাহ আৰু সাহসেৰে কৰিছে সুস্বাদু ষ্ট্ৰবেৰীৰ খেতি।  এইগৰাকী আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাৰ কৃষি বিভাগতো আছে সুনাম।  ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো পৰমেশ্বৰ ডেকাই কৃষি বিভাগৰ বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সৰ্থেবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে জাপান, দক্ষিণ আফ্ৰিকাৰ কৃষি বিজ্ঞানীৰ দলে পৃথকে পৃথকে ডেকাৰ খেতিপথাৰ পৰিদৰ্শন কৰি গৈছে। লক্ষ্যণীয় বিষয় যে, আদৰ্শ কৃষক ডেকাই ঘৰতেই জৈৱিক সাৰ প্ৰস্তুত কৰি সেই সাৰ খেতিপথাৰত প্ৰয়োগ কৰি কৃষক দম্পতীয়ে অঞ্চলজুৰি এক সুনাম কঢ়িয়াই আনিছে।যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰ ওপৰত হোৱা এক আলোচনা চক্ৰত অসমক প্ৰতিনিধিত্ব কৰিছিল আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই। যোৱা বছৰ ৬ আৰু ৭ মাৰ্চত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় (ইম্ফল) মনিপুৰ, উমিয়ামৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলকলৈ অনুষ্ঠিত কৃষি সম্পৰ্কীয় কৰ্মশালাত দক্ষতাৰ ভিত্তিত অসমৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক , কৃষি বিভাগৰ ছাত্ৰ-ছাত্ৰীক লৈ "বায়'কন্ট্ৰল অৱ ক্ৰপ পেটচ এণ্ড ইনভেচিভেছ এণ্ড ইউটিলাইজেচন অৱ ইনভেষ্ট এছ ফুড ইন নৰ্থ ইষ্ট ৰিজিঅ'ন অৱ ইণ্ডিয়া শীৰ্ষক কৰ্মশালাত কৃষক হিচাপে সৰ্থেবাৰীৰ কামাৰপাৰাৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকাই অংশগ্ৰহণ কৰে ।কৰ্মশালাত পৰমেশ্বৰ ডেকাই জৈৱিকভাৱে উৎপাদিত বেঙেনা আৰু ষ্ট্ৰবেৰী খেতিৰ বিষয়ে বক্তব্য প্ৰদান কৰি এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । ষ্ট্ৰবেৰী খেতিকে ধৰি ক'লা গাজৰ, আলু , ক'লা বিলাহী, বেঙেনা আদি ঋতুকালীন পাচলি খেতি কৰিও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পৰমেশ্বৰ-জয়াই। পৰমেশ্বৰ ডেকাৰ খেতিপথাৰলৈ বিভিন্ন সময়ত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী অহাৰ উপৰিও বিদেশৰ কৃষি বিজ্ঞানী আহি ডেকাৰ কৃষিকৰ্ম দেখি আপ্লুত হৈছে। উল্লেখ্য যে 'মনিপুৰী ব্লেক ৰাইচ'ৰ খেতি কৰিও আন এক সুনাম অৰ্জন কৰিছিল পৰমেশ্বৰ ডেকাই। যোৱা ৩ ডিচেম্বৰত পৰমেশ্বৰ ডেকাৰ কৃষিপথাৰত মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ এখন সজাগতা সভা অনুষ্ঠিত হৈছিল। কৃষি বিশ্ববিদ্যালয়খনৰ দুই কৃষি বিজ্ঞানী ড৹ প্ৰণৱ দত্ত আৰু ড৹ মহেশ পাঠকে জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ সন্দৰ্ভত কৃষকসকলক প্ৰশিক্ষণ দিছিল। যোৱা ১৯ ফেব্ৰুৱাৰীত নসত্ৰস্থিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আদৰ্শ কৃষক দম্পতীৰে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈছিল। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানটো অসমীয়াবিভাগৰ মুৰব্বী অধ্যাপক ড৹ গোবিন্দ প্ৰসাদ ভূঞা,  জাহ্নবী বসুমতাৰীৰ লগতে বিভাগটোৰ শিক্ষাৰ্থীসকল উপস্থিত আছিল। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড৹ তৰুণ চন্দ্ৰ বৰাৰ লগতো সৌজন্যমূলক সাক্ষাৎ কৰিছিল কৃষক দম্পতীয়ে। বিভিন্ন সময়ত এইহাল আদৰ্শ কৃষক দম্পতীয়ে বিভিন্ন দল- সংগঠনৰ পৰা বঁটা- সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে।

No comments