Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৩৫ খন আসনত প্ৰাৰ্থী দিব এন.পি.পিয়ে; অসমৰ তত্বাবধায়কৰ দায়িত্বত বিশ্বজিত বৰুৱা

গণ বাৰ্তা টীয়ক, কাকজান,২৮ ফেব্ৰুৱাৰী :সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন.পি.পি য়ে আগন্তক বিধান সভা নিৰ্বাঢনত নিজাকৈ প্ৰাৰ্...


গণ বাৰ্তা টীয়ক, কাকজান,২৮ ফেব্ৰুৱাৰী
:সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল পিপলছ পাৰ্টি, চমুকৈ এন.পি.পি য়ে আগন্তক বিধান সভা নিৰ্বাঢনত নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰ সন্দৰ্ভত  জানিবলৈ দিছে ।যোৱা   ২০ ফেব্ৰুৱাৰীত এন.পি.পি ৰ সৰ্বভাৰতীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড  কে চাংমাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত এক সভাত অসম ৰাজ্যিক শাখা পুণৰ গঠন কৰা লগতে  যোৰহাটৰ  টীয়কৰ বিশ্বজিৎ বৰুৱাক তত্বাবধায়ক আৰু জোনাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণকান্ত পেগু, আবুল হুছেইন, আৰু  পাৰ্থ প্ৰতীম মহন্তক সম্পাদক হিচাপে লৈ এন পি পিৰ অসম শাখা গঠন কৰা হয় । আগন্তুক নিৰ্বাচনত অসমৰ ২০-৩৫ টা সমষ্টিত নিজা প্ৰাৰ্থী ঠিয় কৰোৱাৰ যো-জা চলোৱা সন্দৰ্ভত এক সংবাদ মেলত  এন পি পিৰ অসম প্ৰদেশৰ তত্বাবধায়ক বিশ্বজিৎ বৰুৱাই  এই কথা প্ৰকাশ কৰে। জানিবলৈ দিয়া মতে দলটোৱে টীয়ক ,মৰিয়ণি, আমগুৰিকে ধৰি অসমৰ বহুকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু অহা ৫ মাৰ্চত দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীত এন.পি.পিৰ টীয়ক সমষ্টিৰ  জিতু দুৱৰা, প্ৰশান্ত পাছনী,প্ৰকাশ বৰুৱা, অম্বৰীশ কৃষ্ণ শইকীয়া প্ৰমুখ্যে ৯ জন সদস্যক লৈ এখন   তদৰ্থ সমিতি গঠন কৰাৰ বিষয়েও অবগত কৰিছে ।

No comments