Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰঙি আৰ্যভট্ট কেন্দ্ৰৰ উদ্যোগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে ধলাগুৰিত সজাগতা সভা

গণবার্তা, নুমলীগড়, ৮ফেব্ৰুৱাৰীঃ  অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত গঠিত  মৰঙি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি...


গণবার্তা, নুমলীগড়, ৮ফেব্ৰুৱাৰীঃ  অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত গঠিত  মৰঙি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি ধলাগুৰিত এখন সজাগতা সভা অনুষ্ঠিত হয়। অন্ধবিশ্বাস আৰু  কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতামূলক সভা তথা ৰাইজমেলত  সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ ইমৰাণ হুছেইন, প্ৰাক্তন শিক্ষক অৰূপ কুমাৰ দুৱৰা, বিশিষ্ট নিবন্ধকাৰ পৰাগ পৱন শৰ্মা বড়া, দণ্ডেশ্বৰ শইকীয়া উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আচিৰউদ্দিন আহমেদ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ গোলাঘাট জিলা সমন্বয়ক ইমৰান আলি। সভাত সমাজত অন্ধবিশ্বাস, কুসংস্কাৰৰ প্ৰভাৱ আৰু এইবোৰৰ বিৰুদ্ধে লব লগা ব্যৱস্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় । স্থানীয় শতাধিক লোকে ভাগ লোৱা সভাখনৰ আত ধৰে আৰ্যভট্ট মৰঙি কেন্দ্ৰৰ সমন্বয়ক অতুল চন্দ্ৰ শইকীয়াই।

No comments