Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকীয়াজুলিৰ চপাই বালিগাঁৱৰ লোমহৰ্ষক হত্যাকাণ্ড; পাচদিনৰ পিছত মৃতদেহ উদ্ধাৰ হ’ল নিৰুদিষ্ট ১২বছৰীয়া কিশোৰীৰ

গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:২৪ফেব্ৰুৱাৰীঃ  শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানা একেলাৰ চপাই বালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যা কাণ্ডই ৰাজ্য জোকা...


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:২৪ফেব্ৰুৱাৰীঃ 
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানা একেলাৰ চপাই বালিগাঁৱত সংঘটিত লোমহৰ্ষক হত্যা কাণ্ডই ৰাজ্য জোকাৰি গৈছিল৷যোৱা ২০ফেব্ৰুৱাৰীত অতি দৰিদ্ৰ এটা পৰিয়ালৰ ঘৰত নিশাৰ ভাগত এদল দূৰ্বৃত্তই প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে জিলি ৰাভা নামৰ এগৰাকী মহিলাক নৃশংস ভাবে হত্যা কৰি মহিলা গৰাকীৰ  কনিষ্ঠা কন্যা চেৱা ৰাভাক দাৰে ঘপিয়াই আঘত কৰি জেষ্ঠ্যা কন্যা পূৰৱী ৰাভাক দূৰ্বৃত্তই উঠাই নিছিল৷ঘটনাৰ পাচ দিন অতিক্ৰম কৰাৰ পিছত দূৰ্বৃত্তই উঠা নিয়া নিৰুদিষ্ট কিশোৰী মৃতদেহ উদ্ধাৰ হ’ল চপাই বালিগাওঁৰ পথাৰৰ মাজত৷ধান খেৰৰ মাজত উদ্ধাৰ হ’ল ১২বছৰীয়া পূৰৱী ৰাভাৰ মৃতদেহ৷উল্লেখ্য যে চপাই বালিগাওঁত যোৱা শনিবাৰে নিশা সংঘটিত এক বৰ্বৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি হৈছিলৈ ৷নিশা শুই থকা অৱস্থাত এটা তিনিজনীয়া পৰিয়ালৰ মাতৃক হত্যা কৰি এটি শিশুক দূৰ্বৃত্তৰ দলে দাৰে ঘপিয়াই ১২বছৰীয়া কিশোৰীক উঠাই লৈ গ’ল৷ দূৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছিল  জিলি ৰাভা নামৰ মহিলা গৰাকীক ৷আনহাতে মৃত্যুৰ সৈতে চিকিৎসালয়ত যুঁজ দি আছে চিকিৎসাধীন কনিষ্ঠা কন্যা চেৱা ৰাভাই ৷ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশাৰ ভাগতেই দূৰ্বৃত্তই লৈ গৈছিল জিলি ৰাভাৰ ১২বছৰীয়া কন্যা  পূৰৱী ৰাভাক৷পাচ দিনৰ পিছত আজি পুৱাৰ ভাগত কিশোৰীগৰাকীৰ বাসগৃহৰ পৰা প্ৰায় দুই কিলোমিটাৰ আতঁৰত পথাৰত মাজত  পূৰৱীৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় খেতিয়ক এজনৰ পথাৰত ধান খেৰৰ তলত কিশোৰীগৰাকীৰ উলংগ অৱস্থাত থকা মৃতদেহ উদ্ধাৰ হয় ৷ কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীক হত্যা কৰি ধান খেৰৰ তলত কিশোৰীগৰাকীৰ মৃতদেহ লুকুৱাই ৰাখিছিল ৷ আজি পুৱা খেতিয়কজন খেৰ আনিবলৈ যোৱাত খেৰৰ তলত মৃতদেহ দেখা পাই গাওঁবাসীক খবৰ দিয়ে ৷ পিছত স্থানীয় লোক সকলৰ লগতে আৰক্ষীৰ দল ইয়াত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ উঠাই নিয়াৰ  ব্যৱস্থা কৰে ৷ এই সময়তে স্থানীয় লোক সকল অধিক উত্তেজিত হৈ পৰে আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হ’লেহে মৃতদেহটো উঠাবলৈ দিয়া হ’ব বুলি প্ৰকাশ কৰাত স্থানীয় আৰক্ষী বাধাৰ সন্মুখীন হয় ৷ পিছত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী,ঢেকিয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া কমলজ্যোতি বৰা ঘটনাস্থলীত উপস্থিত হৈ ক্ষুব্ধ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ হত্যাকাণ্ডৰ তদন্ত শীপ্ৰতাৰে কৰি দোষীক কৰায়ত্ব কৰাৰ আশ্বাস দিয়াৰ পিছতেই ৰাইজে মৃতদেহ দেহটো উঠাবলৈ দিয়ে ৷ইপিনে উক্ত ঘটনাক সকলোকে এক  মুখে ধিক্কাৰ দি উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে৷ইফালে নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল বড়ো ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,অসম চাহ জনজাতি ছাত্ৰ সন্থা,বাংগালী যুৱ ছাত্ৰ ফেডাৰেছন আদিকে ধৰি সংগঠন কেইটাৰ বিষয়ববীয়া সকলে ঘটনাস্থলীত উপস্থিত ঘটনাক গৰিহনা দি আৰক্ষী প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰি উচ্চ পৰ্যায়ৰ দাবী তোলে৷ইফালে পাচ দিন অতিক্ৰম কৰাৰ পিছতো লোমহৰ্ষক হত্যাকাণ্ডটোৰ সন্দৰ্ভত জড়িত এজনকো আৰক্ষীয়ে কৰায়ত্ব কৰাটো দুৰৰে কথা চিনাক্ত কৰিব পৰা নাই৷

No comments