Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাস্ক- সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক হ'ব দ্বিতীয় টেষ্টত

চেন্নাই, ৯ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৩ ফেব্ৰুৱাৰীৰ পৰা চেন্নাইতে দ্বিতীয়খন টেষ্ট আৰম্ভ হ'ব। এই টেষ্টত ৫০শতাংশ দৰ্শক উপস্থিত থ...


চেন্নাই, ৯ ফেব্ৰুৱাৰী
: ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৩ ফেব্ৰুৱাৰীৰ পৰা চেন্নাইতে দ্বিতীয়খন টেষ্ট আৰম্ভ হ'ব। এই টেষ্টত ৫০শতাংশ দৰ্শক উপস্থিত থাকিব। যাৰ বাবে এই টেষ্টখন বিশেষ হ'ব। কোৰোনা মহামাৰীৰ পিছত প্ৰথমবাৰলৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে ষ্টেডিয়ামত বহি টেষ্ট উপভোগ কৰিব পাৰিব। দুয়োটা দলৰ মাজৰ প্ৰথমখন টেষ্টত দৰ্শকৰ উপস্থিতি নিষিদ্ধ কৰা হৈছিল। কিন্তু দ্বিতীয়খন টেষ্টত দর্শকৰ উপস্থিতি সম্পূৰ্ণ নহলেও ৫০ শতাংশ কৰা হৈছে। যাৰ বাবে ক্ৰিকেট অনুৰাগী সকলৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে। দৰ্শকৰ বাবে তামিলনাডু ক্ৰিকেট সংঘই কিছু নিয়ম জাৰি কৰিছে। যিসমূহ নিয়ম সকলো দৰ্শকে পালন কৰাটো বাধ্যতামূলক। দর্শকে ষ্টেডিয়ামৰ ভিতৰত মাস্ক পৰিধান কৰাটো আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। উল্লেখ্য চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত দুয়োটা দলৰ মাজত ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰথম টেষ্টৰ আজি অন্তিম দিন। এবছৰৰ ব্যৱধানৰ পিছত ভাৰতত অনুষ্ঠিত হোৱা এইখন প্ৰথমখন আন্তঃৰাষ্ট্ৰীয়। ইয়াৰ তিনি দিনৰ পিছত দ্বিতীয় টেষ্ট আৰম্ভ হ'ব। যিখন টেষ্টৰ আনন্দ দর্শকে উঠাব পাৰিব। দ্বিতীয়খন টেষ্টত কমেও ১৫ হাজাৰ দর্শকৰ প্ৰৱেশৰ অনুমতি দিয়া হৈছে। আজিৰে পৰা দ্বিতীয় টেষ্টৰ  টিকট অনলাইন বিক্ৰী আৰম্ভ হৈছে। কিন্তু কোৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডু ক্ৰিকেট সংঘই কিছু প্ৰটোকলো দর্শকৰ বাবে জাৰি কৰিছে। য'ত কোৱা হৈছে কোৰোনাৰ লক্ষ্যণ থকা দর্শকৰ ষ্টেডিয়ামত প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। লগতে কোৱা হৈছে যে যিসকলে তেওঁলোকৰ নীতি নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেটাৰে যি জাতিগত ভেদাভেদৰ মুখামুখি হৈছিল তাৰ সম্পূৰ্ণ বিৰোধীতা কৰি দৰ্শকক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। 

No comments