Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকতাত ৫ দুধৰ্ষ গৰু চোৰ আটক

  গণবাৰ্তা, বেতবাৰী, ২২ ফ্ৰেব্ৰুৱাৰীঃ সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে বকতাত বিভিন্ন সময়ত গৰু চোৰ কৰি ত্ৰাসৰ সৃষ্টি কৰা গৰু চোৰ চক্ৰৰ ৫ টা চোৰ অৱশেষ...

 


গণবাৰ্তা, বেতবাৰী, ২২ ফ্ৰেব্ৰুৱাৰীঃ সমগ্ৰ শিৱসাগৰ জিলাৰ লগতে বকতাত বিভিন্ন সময়ত গৰু চোৰ কৰি ত্ৰাসৰ সৃষ্টি কৰা গৰু চোৰ চক্ৰৰ ৫ টা চোৰ অৱশেষত আৰক্ষীৰ জালত পৰিল ৷ দেওবাৰে পুৱতি নিশা শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি আৰক্ষী থানাৰ এটা তহলদাৰী দলে AS 06 BC 7426 নম্বৰৰ এখন টাটা এচি মেজিত দুটা বলদ গৰু লৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখাই সুধ-পোছ কৰাত আৰক্ষীক কোনো ৰচিদ, নথি-পত্ৰ দেখাব নোৱাৰাত আৰক্ষীৰ তহলদাৰী দলটোৰ গাড়ীখনৰ ওপৰত সন্দেহ ওপজাত বকতা নেমুগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া দিলিপ বৰাৰ নেতৃত্বত যোৱা তহলদাৰী দলটোৱে গাড়ীখন জব্দ কৰি পৰা দুটা বলধ সহ টিংখাঙৰ ৩টা আৰু বকতা ফেকেলানীৰ ২টা গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।চোৰ সহ গৰু কেইটা আৰক্ষীয়ে থানালৈ অনাৰ পিছত গৃহস্থই গৰু কেইটা প্ৰত্যক্ষ কৰি নিজৰ গৰু বুলি চিনাক্ত কৰে ৷ জানিব পৰা মতে, চোৰ কেইটা টিংখাঙৰৰ পিংকু নাথ, চুপাংকু পাল, ৰমা নাথ আৰু বকতাৰ নিপেন কৈৰী আৰু মিন্টু কৈৰী ৷

No comments