গণবাৰ্তা বিশেষ,ডিফু, ৯ ফেব্ৰুৱাৰীঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ পিতৃপুৰুষ জননায়ক প্ৰয়াত ছেমছনছিং ইংতিৰ ১১১ সংখ্যক জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখ...
গণবাৰ্তা বিশেষ,ডিফু, ৯ ফেব্ৰুৱাৰীঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ পিতৃপুৰুষ জননায়ক প্ৰয়াত ছেমছনছিং ইংতিৰ ১১১ সংখ্যক জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰবি আংলং জিলা সমিতিয়ে পদ্মশ্ৰী ৰংবং তেৰাঙক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ এগৰাকী জাতীয়তাবাদী ব্যক্তি হিচাপে সোঁতৰ বিপৰীতে উজাই আত্ম প্ৰচাৰক একাষৰীয়া কৰি সাহিত্য চৰ্চাৰ জৰিয়তে নিৰন্তৰে সমাজখনৰ হিতৰ হকে কাম কৰি অকলেই এক সুকীয়া পৰিচয় লবলৈ সক্ষম হোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ এই বিশেষ দিনটোত সাহিত্যিক গৰাকীৰ নিজা বাসগৃহত বিশেষভাবে সম্বৰ্দ্ধনা জনাবলৈ পাই যথেষ্ঠ সুখী বুলি অঃজাষযুঃছাঃ পৰিষদৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ সংগংঠনটোৱে বিশিষ্ঠ সাহিত্যিক গৰাকীক সম্বৰ্দ্ধনা জনাবলৈ গৈ এখন চেলেং চাদৰ, গামোছা,পহ', এখন সঁফুৰা, এটা গঁড়ৰ প্ৰতীক সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্দ্ধনা জনাবলৈ অহা অঃজাঃযুঃছাঃপৰিষদৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, উপদেষ্টা হৰেণ ইংতি, সম্পাদক অপূৰ্ব দাস, প্ৰচাৰ সম্পাদক ক্ষিৰোদ বৰদলৈ আৰু ডিফু আঞ্চলিকৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷ সংগঠনটোৰ পৰা এনেদৰে সম্বৰ্ধিত হবলৈ পাই জিলাখনৰ বিশিষ্ঠ সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে অঃজাঃযুঃছাঃ পৰিষদৰ উত্তোৰোত্তৰ কামনা কৰে ৷
No comments