গণ বাৰ্তা, কাকজান,৩ ফেব্ৰুৱাৰী: বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে টীয়কৰ কাৱৈমাৰীতো যোৰহাট জিলা বন বিভাগ, স্বেচ্ছাসেৱী অনুস্থান ৰেঙণিঃ এটি আশাৰ উ...
গণ বাৰ্তা, কাকজান,৩ ফেব্ৰুৱাৰী: বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে টীয়কৰ কাৱৈমাৰীতো যোৰহাট জিলা বন বিভাগ, স্বেচ্ছাসেৱী অনুস্থান ৰেঙণিঃ এটি আশাৰ উদ্যোগত কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ত 'বিশ্ব আৰ্দ্ৰভূমি দিৱস' উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক দিগন্ত চাংমাইৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলক অঞ্চলটোৰ আৰ্দ্ৰ ভূমি পৰিদৰ্শন কৰোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশতে এইবছৰৰ আৰ্দ্ৰভূমি দিৱসৰ মূলমন্ত্ৰ "আৰ্দ্ৰ ভূমি আৰু পানী"ক বিষয় হিচাপে লৈ এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত প্ৰথম স্থান আশিস ৰবিদাস,দ্বিতীয় স্থান চাহিল ৰবিদাস আৰু তৃতীয় স্থান অসীম ৰবিদাসে লাভ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সজাগতা সভাত বিজয়ীসকলক শৈক্ষিক সামগ্ৰীৰে পুৰস্কৃত কৰা হয়।
No comments