Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আলোচনা পন্থী উগ্ৰপন্থীৰে চৰকাৰৰ শান্তি চুক্তি নোহোৱাকলৈ যৌথ সংবাদমেল

গণবাৰ্তা বিশেষ,ডিফু, ২৬ ফেব্ৰুৱাৰীঃ ২৫ ফেব্ৰুৱাৰীত ডেনগাঁৱৰ নুৰাক আক্লামত বিজেপিৰ জন জনমাৰোহত ও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আলো...


গণবাৰ্তা বিশেষ,ডিফু, ২৬ ফেব্ৰুৱাৰীঃ
২৫ ফেব্ৰুৱাৰীত ডেনগাঁৱৰ নুৰাক আক্লামত বিজেপিৰ জন জনমাৰোহত ও কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আলোচনাপন্থী উগ্ৰপন্থী সংগঠনৰে বহু প্ৰত্যাশিত শান্তি চুক্তি সম্পন্ন নোহোৱাক কেন্দ্ৰ কৰি জিলা খনত তীব্ৰ অসন্তুষ্ঠি বিৰাজ কৰিছে ৷ এইলৈ আজি জিলাখনৰ অন্যতম আলোচনা পন্থী উগ্ৰপন্থী সংগঠন কেএনএলএফ,  ইউপিএলএ, কেপিএলটি (আৰ) আৰু কেপিএলটি (ডি) য়ে ডিফুৰ ৰংবিন আক্লামৰ কেএনএলএফৰ অধ্যক্ষ পি দিলিৰ বাসগৃহত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ যৌথ সংগঠনৰ হৈ কেএনএলএফৰ বিত্ত সচিব ৰেজাক ডেৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়যে, বিভিন্ন ৰাজনৈনৈতিক, অৰাজনৈতিক দল-সংগঠনে উল্লেখিত শান্তি চুক্তিকলৈ বিভ্ৰান্তি মূলক আৰু প্ৰৰোচনামূলক মন্তব্য কৰি পৰিস্থিতি অশান্তিময় কৰি তুলিছে ৷ তেনে কাৰ্য নকৰিবলৈ দল-সংগঠন সমূহক অনুৰোধ জনাইছে, যিহেতু শান্তি চুক্তি এক ঐতিহাসিক ৰূপত অতি শীঘ্ৰে সম্পন্ন হব ৷ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে জিলাখনৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ আগবাঢ়ি অহা  বিষয়টো আদৰণীয় ৷ যোৱা ২৫ ফেব্ৰুৱাৰীত শান্তি চুক্তি নোহোৱাক লৈ নেতা গৰাকীয়ে কয়যে, দুই এটা বিষয় অন্তৰ্ভূক্ত নোহোৱা আৰু কিছু কাৰিকৰী সমস্যা থকাৰ বাবে উক্ত দিনা শান্তি চুক্তি সম্ভৱ নহ'ল যদিও শীঘ্ৰে ভাল খবৰলৈ এই চুক্তি সম্পাদন হব ৷ আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেণছিং বে'ই কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যাক ভালদৰে পৰ্যবেক্ষণ কৰি আছে সেয়ে দুয়োগৰাকী নেতা প্ৰশংসাৰ যোগ্য বুলিও কয় আলোচনাপন্থী উগ্ৰপন্থী নেতা জনে ৷ আজিৰ সংবাদমেলত কেএলএনএলএফৰ অধ্যক্ষ পি দিলি, সাধাৰণ সচিব  থং টেৰণ,বিত্ত সচিব ৰেজাক ডেৰা, ইউপিএলএৰ অধ্যক্ষ ওৱেলেছলি তেৰাঙ, সাধাৰণ সচিব উইন বে' সেনাধ্যৰ নিকুঞ্জ কাথাৰ, কেপিএলটি(আৰ)ৰ অধ্যক্ষ ৰাণ ৰংপি, লতিচাৰী কাংতাং বে, আৰু কেপিএলটি(ডি)ৰ বিত্ত সচিব ৰেক্স ডাইৰি আৰু গৃহ সচিব ছংছাৰ কাথাৰ উপস্থিত থাকে ৷

No comments