Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০ ফেব্ৰুৱাৰী ভিতৰত আৰম্ভ হ'ব মাজুলী -যোৰহাট সংযোগী দলংৰ নিৰ্মাণ কাৰ্য্য: মূখ্যমন্ত্ৰী

সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি , ৩ ফেব্ৰুৱাৰী :  মই মিচলীয়া নহয়। মই আপোনালোকৰ আৰ্শীবাদত যেনেদৰে আপোনালোকৰ আশা প্ৰত্যাশা লৈ প্ৰতিস্...


সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি , ৩ ফেব্ৰুৱাৰী
মই মিচলীয়া নহয়। মই আপোনালোকৰ আৰ্শীবাদত যেনেদৰে আপোনালোকৰ আশা প্ৰত্যাশা লৈ প্ৰতিস্তুতি প্ৰদাণ কৰো সেই প্ৰতিস্তুতি সকলো সময়তে ৰূপায়ণ কৰিবলৈ বদ্ধ্য পৰিকৰ । মাজুলীৰ দৰিয়া পাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ এক বিশাল জন-সভাত   মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয় । মাজুলীৰ বহু প্ৰত্যাসিত মাজুলী যোৰহাট সংযোগী দলঙৰ প্ৰথম পৰ্য্যায়ৰ  চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীক  কাৰিকৰী নিবিদা কাম ইতিম্যধে সম্পন্ন  হৈছে আৰু তিনিদিনৰ পিছত বিত্তীয় নিবিদা দিশ সমূহ চালি জাৰি চাই কোনো এক নিৰ্মাণ  প্ৰতিস্থানক দলং নিৰ্মাণৰ বাবে চূড়ান্ত দায়িত্ব প্ৰদাণ কৰা হ'ব। নিশ্চিত ভাবে অহা ২০ ফেব্ৰুৱাৰী ভিতৰত  মাজুলী যোৰহাট সংযোগী দলংৰ কাম আৰম্ভ হোৱা সম্ভাৱনা আছে। ইতিমধ্যে মাজুলী আৰু যোৰহাট দুয়োখন জিলাৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা দুয়ো পাৰৰ ভূমিৰ জৰীপ সম্পন্ন কৰি দিয়া বুলি সাংৱাদিকৰ আগত মূখ্যমন্ত্ৰী জনে মতপোষণ কৰে। ইয়াৰ উপৰিও মূখ্যমন্ত্ৰী জনে চৰকাৰৰ নিতী নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দলং নিৰ্মাণৰ যাবতীয় দিশ সমূহ পৰ্যালোচনা কৰি যাব বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাষণ প্ৰদাণ কৰি মূখ্যমন্ত্ৰী সোণোৱালে  মাজুলীৰ  যুৱক-যুৱতী সকলক অৰ্থনীতি ভাবে স্বাবলম্বী কৰা মানসিকতাৰে অসমৰ প্ৰায় দুই লাখ নিবনুৱা যুৱক-যুৱতীক আত্ম-সংস্থাপনৰ উদ্দেশে ৰি-স্বয়ম আচঁনিৰ   জৰিয়তে প্ৰতিতো  গোটক ৫ লাখকৈ অৰ্থাৎ প্ৰতি গৰাকী লোকক ৫০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উদ্দেস্য হৈছে এখন আত্ম-নিৰ্ভশীল অসম গঢ়ি তোলা। আত্ম-নিৰ্ভশীল হ'বলৈ যুৱক-যুৱতী, পুৰুষ-মহিলা, কৃষক, শ্ৰমিক সকলোৱেই উপাৰ্যনৰ ক্ষেত্ৰত   স্বাবলম্বী হ'ব লাগিব। অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এনে আচঁনি ৰূপায়ণ কৰা হৈছে। যি সকল যুৱক-যুৱতী এই আচঁনিত অন্তভুক্ত হোৱা নাই সেইসকল যুৱক-যুৱতীকো কম দিনৰ ভিতৰত এই আচঁনিৰ জড়িয়তে সহযোগিতা প্ৰদাণ কৰা হ'ব বুলি মতপোষণ কৰে। যোৱা ১ ফেব্ৰুৱাৰী দিনা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমনে অসমৰ ৰাস্তা ঘাট মাঠাউৰি নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। ইয়াৰ ওপৰিও চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে ১ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰিছে। আনহাতে কেন্দ্ৰৰ পঞ্চদশ বিত্তীয় আয়োগে মাজুলীৰ মাঠাউৰি নিৰ্মাণৰ বাবে ১ হাজাৰ ৯৫ কোটি টকা নিৰ্ধাৰণ কৰিছে। এই সকলো খিনি  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদভাৱৰ বাবেই সম্ভৱ হৈছে বুলি  মন্তব্য কৰে মূখ্যমন্ত্ৰী সোণোৱালে। ভূমিহীন  লোক ভূমী পত্তা প্ৰদাণ প্ৰসংগত মূখ্যমন্ত্ৰীয়ে কয় বিজেপি চৰকাৰে ৩ লাখ ৯৫ লাখ মানুহৰ হাতত মাটি পত্তা প্ৰদান কৰিলে। ভাৰত বৰ্ষৰ প্ৰধান মন্ত্ৰীয়েও শিৱসাগৰত ১ লাখ লোকক ভূমি পৰ্ত্তা প্ৰদানৰ শুভাৰম্ভ কৰিলে আৰু মাজুলী জিলাতো বৰ্তমানলৈকে ১৬ হাজাৰ লোকক ভূমি পত্তা প্ৰদান কৰিলে। কংগ্ৰেছে বিগত ৫৫ বছৰে এনে কাম হাতত লোৱা নাছিল । মূখ্যমন্ত্ৰীয়ে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ বুলি উল্লেখ কৰি কয় বিজেপি চৰকাৰে নতুন ভূমি নিতীৰে এই কাম কৰিবলৈ সক্ষম হৈছে। এটা জাতিৰ প্ৰধান অস্তিত মাটি বুলি দিহতাৰে কয় মূখ্যমন্ত্ৰীয়ে।মূখ্যমন্ত্ৰী জনে উক্ত স্থানতে ভূমি সংৰক্ষণ বিভাগৰ ৮৪ লাখ টকাৰ ৬ খন অভিলাসী আচঁনিৰ প্ৰতকী আধাৰশীলাও উদ্ধোধন কৰে।  অনুষ্ঠানত লোকসভাৰ লক্ষীমপূৰ লোকসভাৰ সমষ্টি সাংসদ প্ৰদাণ বৰুৱা, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী মাধৱ দেউৰী, আৰ্ট ফেডৰ অধ্যক্ষা ৰূপা কামান, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী , আৰক্ষী অধীক্ষক অৰ্পনা এন,  কৰ্মী মনোজ বৰা, দীপক গোস্বামী, প্ৰমোদ বৰা, লোকনাথ কুটুম, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকাই অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতেই মূখ্যমন্ত্ৰীয়ে নামনি মাজুলীৰ কাকৈকতাত অনুসুচিত জাতি পৰিষদৰ নৱম  ত্ৰি-বাৰ্ষিক অধিৱেশনত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদাণ কৰে।                                           ইফালে  আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কাৰ্যসূচীৰ পূৱ মাজুলী মহাবিদ্যালয়ত শুভাৰম্ভ  কৰে  ৷  অনুস্থানত  সভাত মূখ্যঅতিথি হিচাপে উপস্থিত থাকি  মূখ্যমন্ত্ৰী জনে কয় যে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ে মাজুলীৰ সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিচৰিতহৈ থকা সংস্কৃতি সমুহ গবেষনাৰ মাধ্যমেৰে শুদ্ধ ৰূপত বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । নিৰ্ধাৰিত সময়তকৈ প্ৰায় আঢ়ৈ ঘন্টা পলমকৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদ পূব মাজুলী মহাবিদ্যালয়ত উপস্থিত হোৱা মূখ্যমন্ত্ৰী গৰাকীয়ে পোন-প্ৰথমে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয় আৰু শ্ৰেনীকোঠাৰ দ্বাৰ উন্মোচন কৰে । তাৰ পিছতেই পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা উদ্বোধনী সভাত আদৰনি ভাষন প্ৰদান কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ডম্বৰুধৰ নাথে মাজুলীৰ বিধায়ক তথা মূখ্যমন্ত্ৰীৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই বিগত চাৰি বছৰত মাজুলীয়ে লাভ কৰা অভূতপূৰ্ব পৰিবৰ্তনৰ কথা উল্লেখ কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ও এই পৰিবৰ্তনৰেই অংশ বুলি কয় । তেওঁ ভাষন প্ৰসংগত উল্লখ কৰে যে, ২০১৭ চনৰ অক্টোবৰত বিধানসভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আইন পাচ হোৱাৰ পিছত ২০১৮ চনৰ জুলাইত মূখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে আৰু ২০১৯ চনৰ মেত উপাচাৰ্য নিযুক্তি দিয়া বিশ্ববিদ্যালয়খনে মূখ্যমন্ত্ৰীগৰাকীৰ সদইচ্ছা আৰু বি জে পি চৰকাৰখনৰ শুভকামনাৰ বাবে দ্ৰুতগতিত কাৰ্য সম্পাদন কৰি আজি পাঠদানকাৰ্য আৰম্ভ কৰিবলৈ সক্ষম হৈছে বুলি কয় । উক্ত সভাত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শ্ৰীশ্রীঅনিৰুদ্ধ দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডা০জে পি বাৰ্মা, উত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০অৰূপ কুমাৰ বৰা, উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক অৰ্পনা এন,পঞ্জীয়ক নৰনাৰায়ন নাথ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সাংস্কৃতিক কৰ্মী প্ৰতাপ বৰুৱাই আঁত ধৰা সভাখনিত বিশ্ববিদ্যালয়ৰ ছাত্ৰী মলয়া ভড়ালীয়ে মাধৱদেব বিৰচিত এটি বৰগীত পৰিবেশন কৰে ।

No comments