Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুস্তাক আলী ট্ৰফীৰ দ্বিতীয়বাৰলৈ চেম্পিয়ন তামিলনাডু

নতুন দিল্লী, ১ ফেব্ৰুৱাৰী: তামিলনাডুৱে বড়োদাক সাতটা উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চৈয়দ মুস্তাক আলী ট্ৰফীৰ চেম্পিয়ন খিতাপ দখল কৰিছে। ফাইনেল মেচখ...


নতুন দিল্লী, ১ ফেব্ৰুৱাৰী: তামিলনাডুৱে বড়োদাক সাতটা উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চৈয়দ মুস্তাক আলী ট্ৰফীৰ চেম্পিয়ন খিতাপ দখল কৰিছে। ফাইনেল মেচখনত বড়োদাই তামিলনাডুক জয়ৰ বাবে ১২১ৰানৰ লক্ষ্য বান্ধি দিছিল। তামিলনাডুৱে সেই লক্ষ্য ১৮ অভাৰত তিনিটা উইকেট হেৰুৱাই অর্জন কৰে। দীনেশ কাৰ্তিকৰ নেতৃত্বত তামিলনাডুৱে দ্বিতীয়বাৰলৈ চেম্পিয়ন খিতাপ দখল কৰিছে। ইয়াৰ পূৰ্বে তেওঁৰ নেতৃত্বত তামিলনাডুৱে ২০০৭ত চেম্পিয়ন খিতাপ দখল কৰিছিল। সেই সময়ত দীনেশ কাৰ্তিকৰ বয়স আছিল ২২ বছৰ। বিগত বৰ্ষত ফলটোৱে ফাইনেলত প্ৰবেশ কৰিছিল যদিও কৰ্ণাটকৰ হাতত এক ৰানৰ ব্যৱধানত পৰাস্ত হৈছিল। এইদৰে তামিলনাডুৱে ২০০৭, ২০১৯ আৰু ২০২১ত দীনেশ কাৰ্তিকৰ নেতৃত্বত দলটোৱে ফাইনেল খেলে। এইবাৰৰ এই টুৰ্ণামেণ্টত তামিলনাডুৱে এখনো মেচত পৰাস্ত নহয়। দলটোৱে আঠখন মেচৰ আঠখনতে জয় লাভ কৰে। ইয়াৰে সাতখন মেচত লক্ষ্যক পিছ কৰি জয় লাভ কৰে। উল্লেখ্য যে বড়োদাৰ ১২১ৰানৰ লক্ষ্য পিছ কৰি তামিলনাডুৰ বেটছমেন হৰি নিশান্ত (৩৫), বাবা অপৰাজিত (অপৰাজিত ২৯) আৰু দীনেশ কাৰ্তিক (২২)ৰ ইনিংছৰ সহায়ত ১৮ অভাৰত ১২৩ৰান সংগ্ৰহৰে চেম্পিয়ন খিতাপ দখল কৰে। 

No comments