Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টি-২০, এদিনীয়া ছিৰিজত বিশ্ৰাম দিব পাৰে যশপ্ৰীত বুমৰাহক

নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী: ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া ছিৰিজত দ্ৰুত বেগী বলাৰ যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে ভ...


নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী: ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া ছিৰিজত দ্ৰুত বেগী বলাৰ যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে আগন্তুক মাহত পাঁচখন মেচৰ টি-২০ আৰু তিনিখন মেচৰ এদিনীয়া ছিৰিজ খেলিব। তেওঁ কিন্তু আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া দ্বিবা-নৈশ টেষ্ট খেলিব। যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিব পৰা যায় নে নাই ভাৰতীয় দলৰ থিংক টেংকে চূড়ান্ত সিদ্ধান্ত ল'ব। অধিনায়ক বিৰাট কোহলী, মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু বলিং প্ৰশিক্ষকে চূড়ান্ত সিদ্ধান্ত ল'ব। আনহাতে টি-২০ আৰু এদিনীয়াত ভূৱেনশ্বৰ কুমাৰ আৰু মহম্মদ স্বামীয়ে খেলাৰ সুযোগ লাভ কৰিব পাৰে। উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত ১২ মাৰ্চৰ পৰা টি-২০ ছিৰিজ আৰম্ভ হ'ব আৰু ২০ মাৰ্চত অন্ত পৰিব। আনহাতে ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ এদিনীয়া ছিৰিজ অনুষ্ঠিত হ'ব।

No comments