গণ বাৰ্তা,দুমুনিচকী,১০ ফেব্ৰুৱাৰী : দৰঙৰ জ্যেষ্ঠ সাংবাদিক সাহিত্যিক, কৃতি শিক্ষক প্ৰয়াত দীপক কুমাৰ শৰ্মাক ৰাজহুৱা ভাবে স্মৰণ কৰা হয় পশ্চিম...
গণ বাৰ্তা,দুমুনিচকী,১০ ফেব্ৰুৱাৰী : দৰঙৰ জ্যেষ্ঠ সাংবাদিক সাহিত্যিক, কৃতি শিক্ষক প্ৰয়াত দীপক কুমাৰ শৰ্মাক ৰাজহুৱা ভাবে স্মৰণ কৰা হয় পশ্চিম দৰং প্ৰেছ ক্লাবত । দিপীলাস্থিত সংবাদ ভৱনত ৰবিবাৰে অনুষ্ঠিত হয় এক স্মৃতি চাৰণ সভা । ক্লাবৰ মুখ্য উপদেষ্টা কুমাৰ ভাৰত কলিতাই স্মৃতি বৃক্ষ ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।পশ্চিম দৰং প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি মনোৰঞ্জন শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে প্ৰয়াত দীপক কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰে দিপীলা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰৱক্তা অখিল ৰঞ্জন ভূঞাই ।ক্লাবৰ সভাপতি জয়ন্ত কাকতিয়ে সঞ্চালনা কৰা স্মৃতি চাৰণ সভাত নান্দনিক সাহিত্য চৰা পথৰুঘাটৰ সম্পাদক কমলাকান্ত ডেকা,দৰং জিলা সাহিত্য সভাৰ প্ৰক্তন সম্পাদক সৎৰাম ডেকা আৰু পশ্চিম দৰং প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক শিশিৰ কুমাৰ শৰ্মাই সাহিত্য আৰু সাংবাদিকতাৰে জীৱন ধন্যকৰা দীপক কুমাৰ শৰ্মাৰ জীৱন আৰু সৃষ্টি ৰাজিৰ ওপৰত আলোকপাত কৰি স্মাৰক বক্তব্য প্ৰদান কৰে । উল্লেখ ২০২০ চনৰ ২১ ডিচেম্বৰত আকস্মিকভাৱে মৃত্যু হৈছিল দীপক কুমাৰ শৰ্মাৰ । দুনী নিৱাসী পশ্চিম দৰং প্ৰেছ ক্লবৰ অন্যতম প্ৰতিষ্ঠাপক আছিল ।সামাজিক ইতিহাসৰ তথ্য সমৃদ্ধ ভড়াল হিচাপে সুপৰিচিত দীপক কুমাৰ শৰ্মা আছিল এগৰাকী বিশিষ্ট জীৱনীকাৰ আৰু কেইবাখন গ্ৰন্থৰ প্ৰণেতা ।প্ৰেছ ক্লবৰ সম্পাদক লক্ষ্য ধৰ শইকীয়াই আতধৰা অনুষ্ঠানত পশ্চিম দৰঙৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । উক্ত সভাতে প্ৰেছ ক্লাৱে প্ৰকাশ কৰা স্মৃতি পত্ৰিকা "দীপাদাৰ" উন্মোচন কৰা হয় ।
No comments