গণ বাৰ্তা, চাবুৱা, ১৯ ফ্ৰেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এক আধাৰশিলা অনুষ্ঠান সম্পন্ন হয়। অইল ইণ্ডিয়া লিমিটেড...
গণ বাৰ্তা, চাবুৱা, ১৯ ফ্ৰেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এক আধাৰশিলা অনুষ্ঠান সম্পন্ন হয়। অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ ৫.২৬ লক্ষ অৰ্থ সাহায্যৰে পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকম জিলা পৰিষদৰ অধীনত নিৰ্মাণ হ'ব লগা চেইকেল গৃহটি আজি আধাৰশিলা স্থাপন কৰে ডিকম জিলা পৰিষদৰ সদস্য ব্ৰজেন গগৈয়ে। ইয়াৰ আগেয়ে এগছি বন্তি, ধূপ আৰু নাৰিকল ভাঙে ক্ৰমে ডিকম গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তি শৰ্মা, পানীতোলা উন্নয়ন খণ্ডৰ চীফ কাউন্সিলৰ পাৰুলমণি বৰুৱা আৰু দিনজয় জিলা পৰিষদৰ সদস্য অমল শইকীয়াই। বিদ্যালয়ৰ শিক্ষক অনুপম বুঢ়াগোহাঁইয়ে আঁতধৰা উক্ত অনুষ্ঠানত অন্য কেইবাগৰাকীও অতিথি উপস্থিত থাকে।
No comments