Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিগবৈৰ মঞ্জুলা বৰাক অসম চৰকাৰৰ লেখক সম্বৰ্ধনা জ্ঞাপন

দৈনিক গণ অধিকাৰ,০২ ফেব্ৰুৱাৰী,ডিগবৈঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ মঞ্জুলা বৰাই অসম চৰকাৰৰ 'অসম ভাষা গৌৰৱ আচঁনি' ৰ অন্তৰ্গত,প্ৰজ্ঞান ভাৰত...


দৈনিক গণ অধিকাৰ,০২ ফেব্ৰুৱাৰী,ডিগবৈঃ
তিনিচুকীয়া জিলাৰ ডিগবৈৰ মঞ্জুলা বৰাই অসম চৰকাৰৰ 'অসম ভাষা গৌৰৱ আচঁনি' ৰ অন্তৰ্গত,প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধিনত লেখক সন্মান বঁটা পাবলৈ সক্ষম হয়৷ডিগবৈ ইটাভাটা টিপাম ৰ’ডৰ নিৱাসী, ব্যৱসায়ী দুলাল বৰাৰ পত্নী ,ডিগবৈৰ এগৰাকী কবি তথা সুলেখিকা,বালিজান বৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মঞ্জুলা বৰাই অসম চৰকাৰে প্ৰদান কৰা লেখিকা সন্মান পাবলৈ সক্ষম হয়৷যোৱা ইং এক ফেব্ৰুৱাৰী তাৰিখে, গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ,অসম চৰকাৰে ভাষা- সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগৱঢ়োৱা ,ৰাজ্যৰ সকলো থলুৱা ভাষাৰ নিৰ্বাচিত লেখক - লেখিকাক ,প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধিনত অনুস্হিত হোৱা বিত্তীয় অনুদান প্ৰদান অনুষ্ঠানত ৰাজ্যখনৰ মুঠ ছয়শ গৰাকী সুলেখিকাৰ ভিতৰত ডিগবৈৰ মঞ্জুলা বৰাই সন্মান গ্ৰহণ কৰে৷উক্ত অনুষ্ঠানটিত সম্বৰ্ধনা পত্ৰ সহ পঞ্চাশ হাজাৰ টকাৰ এক আৰ্থিক অনুদান আগৱঢ়াই৷মঞ্জুলা বৰাই সুখ্যাতিত,ডিগবৈ চহৰৰ লেখক সমাজৰ লগতে ডিগবৈৰ সমাজ সচেতন লোকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে  বালিজান বৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷

No comments