Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুনৰ বিতৰ্কত বৰপথাৰৰ ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থান

গণ বাৰ্তা বৰপথাৰ, ২০ ফেব্ৰুৱাৰী : পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ আগশাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপথাৰ নগৰৰ মাজমজিয়াস্থিত ধনশিৰি ঔদ্যোগিক প্ৰ...


গণ বাৰ্তা বৰপথাৰ, ২০ ফেব্ৰুৱাৰী
: পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ আগশাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপথাৰ নগৰৰ মাজমজিয়াস্থিত ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থানৰ তুলনাত বৰপথাৰত থকা ধনশিৰি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থান খনত বহু পলমকৈ ফলাফল ঘোষণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিষ্ঠান খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে ৷ বিভাগীয়লোকৰ অমনোযোগিতাত  ২০১৭-২০১৯ বৰ্ষৰ আৰু ২০১৮ - ২০১৯ বৰ্ষ ছাত্ৰ ছাত্ৰী সকলে আজিও নাইপোৱা চাৰ্টিফিকেট নাইবা মাৰ্কচিট যাৰ ফলত বিভিন্ন বিভাগত নিয়োজিত হ'ব লগা পদ সমূহত আবেদন কৰিব পৰা নাই ছাত্ৰ ছাত্ৰী সকলে ৷ প্ৰতিষ্ঠান খনৰ অধ্যক্ষ অৱসৰ লোৱা পিছৰে পৰা আজিলৈকে নিযুক্তি নহল এজনো স্থায়ী অধ্যক্ষ যাৰ পৰিণতিত ভুগিব লগা হৈছে প্ৰতিষ্ঠান খনৰ ছাত্ৰ ছাত্ৰী সকলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এটা বছৰে চাৰ্টিফিকেট মাৰ্কচিত বিচাৰি আহি ঘূৰি যাব লগা হৈছে ছাত্ৰ ছাত্ৰী সকল ৷ উল্লেখযোগ্য যে প্ৰতিষ্ঠান খনত নিয়োজিত বিষয়া গৰাকীয়েও নাজানে কিয় পলম হৈছে ছাত্ৰ ছাত্ৰী সকলৰ চাৰ্টিফিকেট নাই বা মাৰ্কচিত ,নাজানে ফলাফল ঘোষণা কৰা কিমান দিনৰ মূৰত পাবলাগে চাৰ্টিফিকেট নাইবা মাৰ্কচিত ৷ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই যমৰ যান্ত্ৰণা ভুগিব লগা হৈছে প্ৰতিষ্ঠান খনৰ  ছাত্ৰ-ছাত্ৰী সকলে । ইফালে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনকলৈ হেতালি খেলা এনেধৰনৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে উৰ্দ্ধতম কৰ্তৃপক্ষই কেনেধৰণৰ ফলপ্ৰসু ব্যৱস্থা অৱলম্বন কৰে সেয়াহে পৰৱৰ্তি সময়ত লক্ষ্যনীয় হ'ব । 

No comments