গণ বাৰ্তা, নামৰূপ, ডিব্ৰুগড়, ২২ ফেব্ৰুৱাৰীঃ উদ্যোগ নগৰী নামৰূপৰ পুৰণা খেল পথাৰত আজি অসমৰ প্ৰভাৱশালী স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ, বিভাগৰ লগ...
গণ বাৰ্তা, নামৰূপ, ডিব্ৰুগড়, ২২ ফেব্ৰুৱাৰীঃ উদ্যোগ নগৰী নামৰূপৰ পুৰণা খেল পথাৰত আজি অসমৰ প্ৰভাৱশালী স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ, বিভাগৰ লগতে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই বিশাল জন সভাত সমাগত বিধান নিৰ্বাচনৰ ৰণ হুংকাৰ দিয়ে। আনহাতে সাৰকাৰখানালৈ আগবঢ়োৱা বিশেষ আবদানৰ বাবে সাৰ কৰ্তৃপক্ষৰ লগতে কেইবাটাও জৰাজীৰ্ণ পথৰ নিৰ্মাণৰ আধাৰশিলা কৰাত ভিন্ন দল-সংগঠনে গাম্ভীৰ্য পুৰ্ণ ভাৱে মৰম আৰু সম্বৰ্ধনা যাচে, বিপৰীতে সদা ব্যস্ত সোনাৰী তিনি আলিত আঞ্চলিক ছাত্ৰ সন্থাই কলা বেলুন উৰুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
No comments