ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক( নাবাৰ্ড) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত এখন উচ্চস্তৰীয় পৰ্যা...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,৩ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক( নাবাৰ্ড) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত এখন উচ্চস্তৰীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত কালি অনুষ্ঠিত এই উচ্চস্তৰীয় সভাত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ চেয়াৰমেন ড° জি আৰ ছিন্টালা উপস্থিত থাকে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰসমুহত ৰূপায়িত হৈ থকা আঁচনি সমুহৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে ।অসম কৃষি বিশ্ববিদ্যালয়ে ৰূপায়ন কৰিবলৈ লোৱা ' আমাৰ গাঁও- আমাৰ গৌৰৱ শীৰ্ষক অভিলাসী কৰ্মসূচী সন্দৰ্ভতো অৱগত কৰি কৃষিক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে । নাবাৰ্ডৰ চেয়াৰমেন গৰাকীয়ে বক্তব্যত বৰ্তমানৰ জটিল সময়ৰ প্ৰেক্ষাপটে কৃষকক অধিক কৃষি উৎপাদনৰ বাবে আগুৱাই নিছে বুলি উল্লেখ কৰি কৃষকক তেওলোকৰ মানসিকতা সলনি কৰি দুতৰপীয়া বা তিনিতৰপীয়া কৃষি উৎপাদন কৰিব পৰাকৈ সক্ষম কৰাৰ দিশত পদক্ষেপ লবলৈ বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমুহক আহ্বান জনাই । কেৱল উৎপাদনেই প্ৰাথমিক কথা নহয় বুলি উল্লেখ কৰি কয় যে উপভোক্তা আৰু বজাৰ কেন্দ্ৰিকতাৰ সৈতে কৃষকৰ সংযোগ ঘটোৱাৰ দিশত কেন্দ্ৰীভূত চিন্তা কৰিব লাগিব ।আমি প্ৰানৱন্ত কৃষক আৰু আত্মনিৰ্ভৰ কৃষক সৃষ্টিত মনোনিবেশ কৰিব লাগিব । সভাত বক্তব্য ৰাখি নাবাৰ্ডৰ সহকাৰী পৰিচালন সঞ্চালক সূৰ্য্য কুমাৰে নাবাৰ্ডৰ বিষয়ে আলোকপাত কৰি ক্ষুদ্ৰ গৃহ প্ৰকল্পৰ জৰিয়তে এই দিশত অসম কৃষি বিশ্ববিদ্যালয়ক সহযোগ আগবঢ়াব বুলি প্ৰকাশ কৰে । এই আলোচনাত অসম কৃষি বিশ্ববিদ্যালয়স্থ নীতিহাবৰ মুখ্য কাৰ্যবাহী বিষয়া কে কাৰ্টিকায়ন, বঙাইগাও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° চি কে শৰ্মা ই অগ্ৰগতিৰ এক খতিয়ান ডাঙি ধৰে । অনুষ্ঠানত নাবাৰ্ডৰ অসম ক্ষেত্ৰীয় কাৰ্যালয়ৰ চিফ জেনেৰেল মেনেজাৰ এছ এছ সাহা, আটাৰী ( ভাৰতীয় কৃষি গৱেষণা পৰিষদ) গুৱাহাটী জ' নৰ সঞ্চালক ড° এ কে ত্ৰিপাটী , অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক আৰু খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° বি এন শইকীয়া উপস্থিত থাকে।
No comments