গণবাৰ্তা, টীয়ক:১৭ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, টীয়কৰ পৰা প...
গণবাৰ্তা, টীয়ক:১৭ ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, টীয়কৰ পৰা প্ৰকাশিত “গণবন্ধু” কাকতৰ সম্পাদক আৰু টীয়ক "অৰ্নিবাণ সাংস্কৃতিক গোষ্ঠীৰ" প্ৰাক্তন সভাপতি ,কাকজান আৰোহণ একাডেমিৰ উপাধ্যক্ষ ,কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি তথা টীয়কৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰা (৬৪) যোৱা নিশা যোৰহাটৰ মিছন হস্পিতালত স্বাস্থ্য জনিত কাৰণত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে।তেওঁ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে সমগ্ৰ টীয়ক অঞ্চলত এক শোকাকুল পৰিবেশে আগুৰি ধৰে।আজি পুৱা নশ্বৰ দেহ যোৰহাটৰ পৰা পোনে পোনে কাকজান মহাবিদ্যালয়,টীয়কৰ গুৱালগাঁও স্হিত অৰ্নিবাণ সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়,বলমা চিকেবি উচ্চ মাধ্যমিক বিদ্যালয়লৈ অনা হয়। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীকে ধৰি ছাত্ৰ ছাত্ৰী, টীয়ক প্ৰেছ ক্লাব, আপকু যোৰহাট জিলা সমিতি আছু যুৱ-ছাত্ৰ পৰিষদ জেষ্ঠ্য নাগৰিক সন্হা বানিজ্য সন্হা প্ৰাথমিক শিক্ষা সম্মিলনী কৰ্মচাৰী পৰিষদ কৰে ধৰি টীয়কৰ বিভিন্ন দল সংগঠন তথা গুণমুগ্ধই ৰাজহুৱাকৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিদেহী আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়। শিক্ষাবিদ তথা সমাজহিতৈষী ব্যক্তিগৰাকীৰ মৃত্যু টীয়কৰ বৌদ্ধিক মহলৰ বাবে অপূৰণীয় ক্ষতি বুলি সকলোৱে অভিহিত কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
No comments