গণ বাৰ্তা:ৰাজগড়, ১৪ ফেব্ৰুৱাৰী : সুদীৰ্ঘ ৪৫ বছৰ পিছত মিলন। ৪৫ বছৰৰ আগৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিছে সকলো। এজনে আনজনক সাৱটি ধৰি কোনোবাই হাঁ...
গণ বাৰ্তা:ৰাজগড়, ১৪ ফেব্ৰুৱাৰী : সুদীৰ্ঘ ৪৫ বছৰ পিছত মিলন। ৪৫ বছৰৰ আগৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিছে সকলো। এজনে আনজনক সাৱটি ধৰি কোনোবাই হাঁহিছে, কাৰোবাৰ চকুলো নিগৰিছে পুৰণি স্মৃতি ৰোমন্হন কৰি। মুঠৰ ওপৰত এক আবেগিক পৰিবেশ। ১৯৬৯ বৰ্ষত ৰাজগড় উচ্চ ইংৰাজী বিদ্যালয় বৰ্তমান ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীত নামভৰ্তি কৰা প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সকল আজি পুনৰ মিলন হয় টিংখাঙৰ প্ৰাণকেন্দ্ৰ ৰাজগড়ত। বৰ্তমান ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত তথা বিভিন্ন জন অৱসৰ গ্ৰহণ কৰি নিজ নিজ কৰ্ম ক্ষেত্ৰত ব্যস্ত হৈ থকাৰ মাজতে আজি যতীন বৰশইকীয়া, ৰাজেন ভট্ৰ,মনবাহাদুৰ লিম্বু, খগেন ছেত্ৰী ,প্ৰদীপ জয়ছোৱাল আদিৰ নেতৃত্বত সোণালী অতীতৰ সোঁৱৰণী সোণালী শীৰ্ষক নামেৰে এখনি মিলন সমাৰোহ অনুষ্ঠিত কৰে। টিংখাঙৰ ৰাজগড়স্থিত নিধিবন বিবাহ ভৱনত ৰাজেন ভট্ৰই আতধৰা অনুষ্ঠানটি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,সুলিখক তথা কবি উৰ্মিলা গন্ধীয়া ফুকনে সঞ্চালনা কৰে ।উক্ত অনুষ্ঠানটিৰ আৰম্ভণিত নিজ সহপাঠিৰ বিয়োগত বন্তি প্ৰজলন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।বিভিন্ন জনে নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে কোনোজনে কবিতা আবৃত্তি কৰিছে, কোনোজনে গান গাই আনন্দ স্ফুতি কৰাৰ মাজতে কোনোজনে অতীতৰ স্মৃতি সুঁৱৰি আবেগ বিহ্বল হৈ চকুলো টুকে । মনোগ্ৰাহী অনুষ্ঠানটোৱে সকলোকে আপ্লুত কৰে ।
No comments