Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লোক সংস্কৃতিৰ গৱেষক ড° কৃষ্ণকান্ত সন্দিকৈক ৰাজহুৱা সম্বৰ্ধনাঃ বিশেষ গ্ৰন্থ "লোকৰত্ন" উন্মোচন:

গণ বার্তা, আমগুৰি ১২ ফেব্ৰুৱাৰীঃ আজি অসমৰ এগৰাকী লোক সংস্কৃতিৰ অক্লান্ত সাধক, সংস্কৃত পণ্ডিত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপা...


গণ বার্তা, আমগুৰি ১২ ফেব্ৰুৱাৰীঃ আজি অসমৰ এগৰাকী লোক সংস্কৃতিৰ অক্লান্ত সাধক, সংস্কৃত পণ্ডিত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° কৃষ্ণকান্ত সন্দিকৈক জাঁজীত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়৷ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই লৈ অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সভাপতিত্ব কৰে আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট কবি যোগেশ কিশোৰ ফুকনে৷ জাঁজী শাখা সাহিত্য সভাৰ সম্পাদক প্ৰতাপ কুমাৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত "বকুল বন বঁটা" প্ৰাপক বিশিষ্ট সাহিত্যিক তথা অনাতাঁৰ শিল্পী ড° কৃষ্ণকান্ত সন্দিকৈক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা গুণমুগ্ধ ব্যক্তিয়ে সম্বৰ্ধনা জনায়৷ জাঁজী শাখা সাহিত্য সভাৰ সভাপতি ড° ৰঞ্জিত কুমাৰ বৰুৱাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটোত জাঁজী শাখা সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভা, জাঁজী প্ৰেছ ক্লাৱ, জাঁজী লেখিকা সংস্থা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় পৰিয়াল, ৮০ নং নাজিৰ পুখুৰী প্ৰাথমিক বিদ্যালয়, জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাঁজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, জাঁজী নাট্য সমাজ কলা ভৱন, জামুগুৰি পূজা মন্দিৰ, জামুগুৰি ব্যৱসায়ী সন্থা, ফুলপানীছিগা আঞ্চলিক ৰাসোৎসৱ কমিটি, ফুলপানীছিগা আঞ্চলিক পুথিভঁৰাল আৰু যুৱ কেন্দ্ৰ, চাৰিং দূৰ্লভ চন্দ্ৰ গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফুলপানীছিগা মধ্য ইংৰাজী বিদ্যালয়, চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন, সদৌ অসম কবি সন্মিলন জাঁজী শাখা, জাঁজী আঞ্চলিক অলংকিতা মহিলা সমাজ, বেচৰকাৰী সংগঠন আমগুৰি বান্ধৈ, আমগুৰি কবি চক্ৰ, অৰ্গেনিক ফুড প্ৰাইভেট লিমিটেড তথা একালৰ মহাবিদ্য়ালয়ৰ শিক্ষক সহকৰ্মী আৰু অসংখ্য গুণমুগ্ধই ড° সন্দিকৈক সম্বৰ্ধনা জনায়৷ এই সভাতেই ড° সন্দিকৈৰ জীৱন আৰু কীৰ্তিৰ ওপৰত বিশ্লেষণাত্মক লেখনি সমৃদ্ধ এখন অভিনন্দন গ্ৰন্থ "লোকৰত্ন" উন্মোচন হয় আৰু উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে৷ উন্মোচনী ভাষণত তেওঁ জাঁজীৰ এক সাংস্কৃতিক ইতিহাস আছে বুলি মন্তব্য কৰি এই ইতিহাসক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ বাবে আহ্বান জনায়৷ সভাত জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানজিৎ গগৈ, প্ৰাক্তন অধ্যক্ষ ড° অনিল গগৈ, অৱসৰপ্ৰাপ্ত অধাপক ভৱানী বৰুৱা, সমাজকৰ্মী গোবিন শইকীয়াই ভাষণ প্ৰদান কৰি ড° সন্দিকৈৰ কৰ্মজীৱনৰ আলোকপাত কৰে৷ ইয়াৰ আগতে জাঁজী শাখা সাহিত্য সভাৰ কুঁহি উপসমিতিয়ে "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক গীত পৰিবেশন কৰে আৰু আদৰণী ভাষণ আগবঢ়াই ড° ৰঞ্জিত কুমাৰ বৰুৱাই৷ ড° সন্দিকৈৰ পৰিয়ালৰ হৈ অনুভৱ ব্যক্ত কৰে কন্যা কুন্তলা কৈল্যানী সন্দিকৈয়ে৷ শলাগৰ শৰাই আগবঢ়াই অসীম দত্তই৷

No comments