Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত আছুৰ প্ৰতিবাদী কাৰ্যসূচী; মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ

  ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট ১ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে গণতান্ত্ৰিক পন্থাৰে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সন...

 


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে গণতান্ত্ৰিক পন্থাৰে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি যোৰহাট আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক ছাত্ৰকৰ্মীৰ উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত ' জাতিৰ প্ৰতাৰক সৰ্বানন্দ নিপাত যাওঁক ' , ' সৰ্বানন্দৰ দাদাগিৰী নচলিব' , ' বিজেপি হায় হায় ' , ' বিজেপি মূর্দাবাদ' , ' শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত দমননীতি নচলিব ' , ' চৰকাৰী স্তাৱক বাহিনীৰ দাদাগিৰী নছলিব ' ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন ২০১৯,  বাতিল , ই.আই.এ বাতিল , অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ আৰু অসম চুক্তিৰ আধাৰত অসমৰ ভূমিৰ পৰা অবৈধ বিদেশীক বহিস্কাৰৰ দাবীত ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অমানৱীয়ভাৱে চৰকাৰী স্তাৱক বাহিনীয়ে বৰ্বৰ নিৰ্যাতন চলাই ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে ছাত্ৰীসকলক যিদৰে আক্ৰমণ কৰিলে , এই আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ । ইয়াৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান অনুসৰি আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হৈছে । বৰদলৈয়ে লগতে কয় , ৰাজপথৰ সংগ্ৰামৰ জৰিয়তে তথা ৰাজপথত জোঁৰ সমদল , বিক্ষোভ , প্ৰতিকৃতি দাহ ইত্যাদি প্ৰতিবাদী কাৰ্যসূচী কৰি ৰাইজৰ আশীৰ্বাদেৰে মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱালে ক্ষমতাৰ লালসাত লালায়িত হৈ কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত আপোনপাহৰা হৈ নিজৰ অতীত ৰোমন্থন কৰিবলৈ নিশিকিলে । সৰ্বানন্দ সোণোৱালে মনত ৰখাটো ভাল , এনেধৰণৰ ফেচীবাদী চৰকাৰ আগতেও বহুত আহিছিল , যিবোৰ চৰকাৰে ৰাইজৰ মতৰ বিপৰীতে গৈ , ৰাইজৰ সিদ্ধান্তৰ প্ৰতি বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি, ৰাইজৰ মনৰ কথাক ভৰিৰে গছকি কেৱল নিজৰ আদৰ্শত অটল থাকি স্বৈৰাচাৰী মনোভাৱেৰে দমননীতি চলাই আহিছে । তেনেকুৱা দমন কিন্তু টিকা নাছিল , উফৰি গৈছিল । সৰ্বানন্দ সোণোৱালক আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ , এতিয়াও আমাৰ ওপৰত দমন চলাই লাভ নাই । যদি চৰকাৰী পক্ষই ভাবিছে সদৌ অসম ছাত্ৰ সন্থাক দমননীতিৰে বশ কৰিব পৰা যাব, তেনেহ'লে চৰকাৰী পক্ষই মূৰ্খৰ স্বৰ্গত বাস কৰিছে । দমন নচলিব , দমন নিটিকিব , দমন উফৰি যাব বুলিও বৰদলৈয়ে প্ৰতিবাদস্থলীত ব্যক্ত কৰে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অৰ্জুনমণি ভূঞা , যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাগিব এহছান নাচিম , জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক চন্দন বৰা , যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঐনিতম দত্ত , সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন আদিয়ে প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয় , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে যোৰহাট জিলাৰ ১৬ খন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ সাংগঠনিক এলেকাত গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । আগন্তুক সময়ত  ৰাজপথৰ সংগ্ৰামখন  গণতান্ত্ৰিক পন্থাৰে নিৰৱচ্ছিন্নৰূপত অধিক জংগীভাৱে আগবঢ়াই নিয়া হ'ব বুলিও ছাত্ৰনেতাদ্বয়ে বিবৃতিটোত ব্যক্ত কৰে ।

No comments