Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ বিকেন্দ্রীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্রী তদৰকী কোষৰ অভিযান

গণ বাৰ্তা, যোৰহাট, ২৩ ফেব্ৰুৱাৰীঃ  যোৰহাট জিলা  উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এক তদন্তকাৰী দলে ...


গণ বাৰ্তা, যোৰহাট, ২৩ ফেব্ৰুৱাৰীঃ  যোৰহাট জিলা  উপায়ুক্ত কাৰ্যালয়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা শাখাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এক তদন্তকাৰী দলে আজি অভিযান চলায় । ২০১১ চনৰ পৰা ২০১৭ চনলৈকে মৰিয়নি বিধানসভা সমষ্টিত বিধায়ক উন্নয়ন পুজিত সংঘটিত  কেলেঙ্কাৰীৰ তদন্তৰ বাবে আহিছিল এই দলটো। অভিযোগ অনুসৰি এই সময়চোৱাত মৰিয়নি সমষ্টিত ৰূপায়ণ হৈছিল প্ৰায় ৭০০ টা আচনি। ইয়াৰে একাংশ আচনিৰ ৰূপায়ণত বৃহৎ কেলেঙ্কাৰী সংঘটিত  হোৱাৰ অভিযোগ উৎথাপন হৈছিল। এই অভিযোগৰ তদন্তৰ বাবেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা দলে মঙ্গলবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত অভিযান চলাই বৃহৎ পৰিমাণৰ নথিপত্ৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এই তদন্তত কি ফাদিল হ'ব অথবা তদন্ত কিমানদুৰ আগবাঢ়িছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। 


No comments