গণ বাৰ্তা, সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী : সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘ...
গণ বাৰ্তা, সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী : সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তবৰ্তী উৰিয়ামঘাটত অনুষ্ঠিত হব।অধিবেশনৰ বাবে সাজু হৈ উঠিছে উৰিয়ামঘাটৰ মিথিংগা নগৰ ক্ষেত্ৰ। ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ লগতে বিভিন্ন উপসমিতি সমূহে মূল মণ্ডপ, মূল মঞ্চ, মূল তোৰন ,প্ৰতিনিধি শিবিৰ, ভোজনালয়, বাণিজ্য মেলাৰ বিপনী, প্ৰদৰ্শনী স্থলী, গ্ৰন্থ মেলা, স্বেচ্ছাসেৱক শিবিৰ, অতিথি শালা, পতাকা উত্তোলনস্থলী ,স্মৃতিতৰ্পণ স্থলী ,আদি অধিবেশনৰ প্রয়োজনীয় বিভাগ সমূহ প্রায় সম্পূৰ্ণ কৰি তুলিছে।অভ্যথৰ্না সমিতিয়ে জানিবলৈ দিয়া মতে সন্মিলিত বড়ো গণ মঞ্চৰ এই অধিবেশনত বি টি চিৰ বাহিৰত বসবাস কৰা ২১ খন জিলাৰ বাহিৰেও চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা, পশ্চিমবঙ্গ,মেঘালয়,মণিপুৰ, নেপাল আৰু বাংলাদেশ আদি কেবাখনো ৰাজ্য তথা ৰাষ্ট্ৰৰ পৰা বহু হাজাৰ বড়ো প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব।অধিবেশনত অসমৰ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, কৃষি মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, বিধায়কৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আৰু ৰাজ্যৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।অধিবেশনৰ প্ৰথম দিনা মুখ্য তোৰণ ,বডফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সোঁৱৰণী মূল মঞ্চ আৰু মণ্ডপ, প্ৰতিনিধি শিবিৰ, বাৰদৈ চিকলা অতিথি শালা, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা, সাংস্কৃতিক শিবিৰ, ভোজনালয় শিবিৰ, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, প্ৰথম প্ৰতিনিধি সভা, আৰু ৰাতিলৈ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। দ্বিতীয় দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতি গ্ৰন্থৰ লগতে অন্যান্য গ্ৰন্থ উন্মোচন, মুকলি আলোচনা চক্ৰ, দ্বিতীয় খন প্ৰতিনিধি সভা, নতুন সমিতি গঠন আৰু সন্ধ্যালৈ শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।শেষৰ দিনা ইউ বি পি অ'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত ও স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,কাৰ্বিআংলং অটনমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাং ৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু জাতি জনগোষ্ঠীৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰিব।ৰাতিলৈ কণ্ঠশিল্পীৰ দ্বাৰা গীতৰ শৰাই এক অনুষ্ঠানেৰে সন্মিলিত বড়ো গণ মঞ্চৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন সামৰণি পৰিব।
No comments