Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে সমাজ কল্যাণ বিভাগ, চিকিৎসা বিভাগ আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কৰ্মী সহায়িকাসকলৰ মত বিনিময়

গণ বাৰ্তা, বােকাখাত ১৬ ফেব্রুৱাৰী :  অসম চৰকাৰৰ কৃষি-পশুপালন আদি বিভাগৰ মাননীয় মন্ত্রী তথা বােকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুল ব...


গণ বাৰ্তা, বােকাখাত ১৬ ফেব্রুৱাৰী :  অসম চৰকাৰৰ কৃষি-পশুপালন আদি বিভাগৰ মাননীয় মন্ত্রী তথা বােকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰা দেবে আজি বােকাখাত কেন্দ্রীয় বিহুতলিত আয়ােজিত এক অনুষ্ঠানত অংগনৱাড়ী কমী তথা সহায়িকা, আশাকর্মী, আশা চুপাৰভাইজাৰ, কৃষি সখী, পশু সখী, উদ্যোগী উত্তোৰন জীৱিকা সখীসকলৰ লগত মত বিনিময় কৰে । এই মত বিনিময় অনুষ্ঠানত কৃষি মন্ত্রীগৰাকীয়ে অংগনৱাড়ী কৰ্মী তথা সহায়িকা আৰু আশাকমী তথা চুপাৰভাইজাৰ সকলে সচৰাচৰ সন্মুখীণ হােৱা বিভিন্ন অসুবিধাসমূহৰ বুজ লয় আৰু লগতে কৰােনা মহামাৰীৰ সময়ছােৱাত আশা কৰ্মী আৰু আশা চুপাৰভাইজাৰ সকলে আগবঢ়োৱা নিদর্শনমূলক মানৱ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।মন্ত্রী অতুল বৰাই মহিলা সকলক সমাজৰ মূল ভেটি বুলি উল্লেখ কৰি মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। আনহাতে কৃষি, পশুপালনৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হবলৈয়াে মন্ত্রীগৰাকীয়ে আহ্বান জনায়। কৃষি পশুপালনৰ বাবে উপলব্ধ চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্রহণ কৰিবলৈয়াে উপস্থিত সকলােকে পৰামর্শ দিয়ে। আজিৰ এই মত বিনিময় সভাত উপস্থিত থাকে বােকাথাতৰ চক্র বিষয়ে মানসজ্যোতি নাথ, ডিআৰডিএৰ প্রকল্প সঞ্চালক অবিনাশ শইকীয়া, মহকুমা স্বাস্থ্য বিষয়া ভাৰত ফুকন, খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰ, মহকুমা কৃষি বিষয়া ৰঞ্জিত শর্মা, নাৱাৰ্ডৰ ডেপুটি জেনেৰেল মেনেজাৰ ভাস্কৰ মান্টাৰ লগতে বােকাথাতৰ বিশিষ্ট ব্যক্তিসকল। উল্লেখযােগ্য যে, আজি কৃষি মন্ত্রী তথা বােকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই বােকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনত নির্মাণ হব লগীয়া আইদেউ সন্দিকৈ সাংস্কৃতিক ভৱনটোৰো আধাৰশিলা স্থাপন কৰে।

No comments