Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ বাটাচাৰাত কৃত্ৰিম গো-প্ৰজনন সম্পৰ্কীয় সজাগতা সভা তথা দামুৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা সম্পন্ন

  গণ বাৰ্তা,মুছলপুৰ,২ ফেব্ৰুৱাৰী:   বিটিচিৰ পশু চিকিৎসা বিভাগৰ উদ্যোগত আৰু বৰমা ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত সোমবাৰে বাক্সা জিলাৰ বাটাচাৰাত...

 


গণ বাৰ্তা,মুছলপুৰ,২ ফেব্ৰুৱাৰী:  বিটিচিৰ পশু চিকিৎসা বিভাগৰ উদ্যোগত আৰু বৰমা ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত সোমবাৰে বাক্সা জিলাৰ বাটাচাৰাত এক সজাগতা সভা তথা দামুৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা অনুস্থিত হয়। পশু চিকিৎসা বিষয়া ডাঃ পদ্ম মোহন ৰয়ে আঁত ধৰা অনুষ্ঠানটোত গুৱাহাটীৰ খানাপাৰাস্থিত ৰেবিট ফাৰ্মৰ প্ৰবন্ধক ডাঃ শৈলেন্দ্ৰ প্ৰসাদ মজুমদাৰে সজাগতা সভা তথা প্ৰদৰ্শনীমূলক অনুষ্ঠানটো উদ্বোধন কৰে । গো-পালক তথা সমাজকৰ্মী কন্দৰ্প হালৈৰ সভাপতিত্বত সজাগতামূলক সভাখন অনুষ্ঠিত হয় ৷ সভাত বাক্সা জিলা পশুপালন তথা পশু চিকিৎসা বিষয়া ডাঃ হিৰেন্দ্ৰ নাথ ডেকা, ডাঃখগেন শৰ্মা, ডাঃদুলাল শৰ্মা আৰু ডাঃ গনেশ তালুকদাৰে বিভাগীয় আঁচনি সমুহৰ বিষয়ে কৃষক ৰাইজক অৱগত কৰাৰ লগতে কৃত্ৰিমভাবে দুগ্ধ উৎপাদন, ছাগলী, গাহৰি, হাঁহ-কুকুৰা পালন আদি বিভাগৰ বিভিন্ন দিশ গ্ৰহণ কৰি অধিক উৎপাদন কৰাৰ লগতে কিদৰে স্বাৱলম্বী হব পাৰি তাৰ বিতং ব্যাখ্যা আগবঢ়ায় ৷ সজাগতা সভাও প্ৰদৰ্শনীমূলক অনুষ্ঠানটোত শতাধিক লোক উপস্থিত থাকে ।ইয়াৰ উপৰি প্ৰদৰ্শনী মূলক প্ৰতিযোগিতাখনত মুঠ ২৩ টা দামুৰীৰ ভিতৰত প্ৰথম স্থান লোহিত তালুকদাৰ, দ্বিতীয় স্থান কন্দৰ্প হালৈ আৰু তৃতীয় স্থান লাভ কৰে ৰংমালা বৰ্মনৰ দামুৰী পোৱালীয়ে ৷

No comments