Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি

  ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট ২২ ফেব্ৰুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত নিৰ্মাণ হোৱা সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ...

 


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২২ ফেব্ৰুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত নিৰ্মাণ হোৱা সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো আজি আনুষ্ঠানিকভাবে মুকলি কৰা হয় । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থসাহাৰ্যৰে  নিৰ্মাণ কৰি উলিওৱা  এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে ।অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  ড° বিদ্যুত চন্দন ডেকাৰ উপস্থিতিত   সমন্বিত পাম পদ্ধতি গৱেষণা প্ৰকল্পৰ মুখ্য শস্যবিজ্ঞানী  ড° কৰুণাকান্ত শৰ্মাই আত ধৰা এক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি  ফিটা কাটি ভৱনটো মুকলি কৰা হয় । তদুপৰি  বিশ্ববেংকৰ অৰ্থসাহাৰ্য্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মুল চৌহদত নিৰ্মাণ হবলগীয়া কৃষি বাণিজ্য বুদ্ধিমত্তা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে । এই  অনুষ্ঠানৰ আত ধৰে কৃষি অৰ্থনীতি বিভাগৰ অধ্যাপক ড° ৰমেণ শৰ্মাই । আনহাতে  অসম কৃষি বিশ্ববিদ্যালয়ৰ  উ: পূ: কৃষি জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে অধ্যক্ষগৰাকীয়ে ।  তদুপৰি এই অনুষ্ঠানৰ লগতে ঘাহ শস্য প্ৰদৰ্শন আৰু জনজাতি উপ আচনিৰ সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ অধীনত ৰাজ্যৰ নিৰ্বাচিত  প্ৰগতিশীল কৃষকক স্প্ৰে মেছিন আৰু কৃষি সজুলি বিতৰণ কৰা হয় । সৰ্বভাৰতীয় সমন্বয়ৰক্ষী ঘাহ শস্য গৱেষণা কেন্দ্ৰৰ মুৰব্বী ড° সেউজী বৰা নেওগে আত ধৰা  অনুষ্ঠানত  কৃষি সজুলিসমুহ বিতৰণ কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।  এই উপলক্ষে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ক লৈ তেখেতে সদায় এক গৌৱৰ অনুভৱ কৰে । জন্মৰে পৰা এই বিশ্ববিদ্যালয়ৰ সৈতে মোৰ  সম্পৰ্ক আছে আৰু এই বিশ্ববিদ্যালয়ে ৰাজ্যৰ সামগ্ৰিক কৃষি উন্নয়নৰ দিশত    আগবঢ়োৱা অৱদানৰ কথা আমি শ্ৰদ্ধাৰে সোৱৰণ কৰিব লাগে । বিশ্ববিদ্যালয়ৰ উত্তৰণৰ দিশত তেখেত সচেষ্ট বুলি মত ব্যক্ত কৰে । বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰ্পণ কুমাৰ শইকীয়াই  আদৰণি ভাষণ আগবঢ়োৱা সভাখনত ভাষণ আগবঢ়াই উপাচাৰ্য ড° ডেকাই বিশ্ববিদ্যালয়ক লৈ তেও দেখা সপোন আৰু পৰিকল্পনাৰ বিষয়ে বাখ্যা আগবঢ়ায়  কয় যে কৃষিৰ জৰিয়তে   গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ যি ধাৰণা তাক বাস্তবায়িক কৰিবৰ বাবে এক অভিলাসী পৰিকল্পনা হাতত লোৱা হৈছে । কৃষকৰ আয় দুগুণ কৰি এই দিশত আগবঢ়াই নিয়াৰ বাবে সমন্বিত পাম পদ্ধতিৰ সম্প্ৰসাৰণৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে । যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে  আত ধৰা এই অনুষ্ঠানত  বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্য , কৃষি বিজ্ঞানগুৰু  ড° জয়ন্ত ডেকা , সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানগুৰু ড° প্ৰণতি দাস , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক , স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য , উ: পূ: কৃষি জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত শৰ্মা ,ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা , সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া , সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ,   চিফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকা , নেইষ্টৰ প্ৰাক্তন বিজ্ঞানী ড° পৰাণ বৰুৱা  ৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপক , গৱেষক ,আৰু কৰ্মচাৰীসকলে  অংশগ্ৰহণ কৰে ।

No comments